NORTHEAST NOW (Assamese)

কৃষ্ণাইত শিক্ষক দিৱস উপলক্ষে ৯ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা

September 5, 2019 7:16 pm · নীলমণি শৰ্মা

গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা শিক্ষা বিভাগৰ সহযোগত আজি দিনজোৰা কাৰ্যসূচীৰে কৃষ্ণাই হাব্ৰাঘাট মহাবিদ্যালয়ত শিক্ষক দিৱস পালন কৰে।

গোৱালপাৰা জিলাৰ অতিৰিক্ত উপায়ুক্ত নৰুল হুছেইনৰ সভাপতিত্বত হাব্ৰাঘাট মহাবিদ্যালয় সভাগৃহত  শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আযোজিত সভাত গোৱালপাৰা জিলা প্ৰশাসনে ৯ গৰাকীকৈ কৃতী শিক্ষকক সম্বৰ্ধনা জনায়।

আজিৰ অনুষ্ঠানতে বিগত হাইস্কুল আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত ৰাজ্যখনৰ ভিতৰত স্থান দখল কৰা তিনি গৰাকী ছাত্ৰ-ছাত্ৰীক সোণৰ পদক প্ৰদান কৰে ৷

তাৰোপৰি হাব্ৰাঘাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড°চৈয়দ আব্দুল আজিম, মৰনৈৰ এছ বি পি মহাবিদ্যালয়ৰ অধ্যক্ষ কমল গোস্বামী, গোৱালপাৰাৰ চেন্ট্ৰেল গালৰ্চ হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী কৰবী শইকীয়া, হাদী এল পি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী জয়শ্ৰী নাথকে ধৰি মুঠ ৯ গৰাকী শিক্ষক-শিক্ষয়ত্ৰীক সম্বৰ্ধনা জনোৱা হয়।

হাব্ৰাঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মন্টু কুমাৰ দাসে আতঁ ধৰা আজিৰ অনুষ্ঠানটোৰ আদৰণি ভাষণ দিয়ে বিদ্যালয়সমূহৰ পৰিদৰ্শক নৃপেন দাসে।

Related News