NORTHEAST NOW (Assamese)

ইজৰাইল-পেলেষ্টাইন যুদ্ধ :  বিগত ৪ মাহত গাজাত নিহত ৯ হাজাৰ মহিলা 

March 10, 2024 9:26 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

যোৱা বছৰৰ ৭ অক্টোবৰৰ পৰা চলিত সপ্তাহলৈকে গাজা আৰু ইয়াৰ চুবুৰীয়া অঞ্চলসমূত ইজৰাইলৰ বাহিনীয়ে হত্যা কৰিছে ৯ হাজাৰৰো অধিক মহিলাক । শনিবাৰে ৰাষ্ট্ৰসংঘই এই কথা প্ৰকাশ কৰে। 

সংস্থাটোৰ তথ্য অনুসৰি বিগত সময়চোৱাত প্ৰতিদিনে গড়ে ৬৩ গৰাকী মহিলাৰ মৃত্যু হৈছিল। 

ৰাষ্ট্ৰসংঘই এই অঞ্চলত প্ৰতিদিনে গড়ে ৩৭ গৰাকী মাতৃৰ মৃত্যু হোৱা বুলিও প্ৰকাশ কৰিছে। যাৰ ফলত তেওঁলোকৰ সন্তান অনাথ হৈ পৰিছে আৰু পৰিয়ালবোৰ দুৰ্যোগৰ সন্মুখীন হ’বলগীয়া হৈছে। 

গাজা স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি যোৱা অক্টোবৰ মাহৰ পৰা ইজৰাইলৰ আক্ৰমণত গাজাত নিহত লোকৰ সংখ্যা ৩০ হাজাৰ অতিক্ৰম কৰিছে।

মহিলাসকলে লগতে জনাইছে যে যোৱা কেইসপ্তাহমানৰ পৰা প্ৰতিটো পৰিয়ালৰ কমেও ১ জন সদস্যই প্ৰতিদিনে ভোকত থাকিবলগীয়া হৈছে আৰু ৯৫ শতাংশৰ ক্ষেত্ৰত পৰিয়ালটোৰ মহিলাসকলে শিশুসকলক খুৱাই নিজেই ভোকত থাকিবলগীয়া হৈছে।

জানিব পৰা মতে যোৱা কেইসপ্তাহমানৰ পৰা গাজাৰ লোকসকলে উপযুক্ত খাদ্য লাভ কৰা নাই। তেওঁলোকে সম্পূৰ্ণ অনাহাৰৰ দিশে আগবাঢ়িছে।

গাজাৰ বৰ্তমানৰ পৰিস্থিতিত ১০ গৰাকী মহিলাৰ ভিতৰত ৯ গৰাকীয়ে খাদ্যৰ সুবিধা লাভ কৰা নাই। বহু মহিলাই এতিয়া ধ্বংসাৱশেষত খাদ্য বিচাৰিবলৈ চেষ্টা চলাইছে।

ৰাষ্ট্ৰসংঘই লগতে কয় যে তাৎক্ষণিকভাবে যুদ্ধবিৰতি ঘোষণা নকৰিলে অনাগত দিনত অধিক লোকৰ মৃত্যু হ’ব। গাজাত অত্যাৱশ্যকীয় আন্তঃগাঁথনিৰ ধ্বংস আৰু বোমা বিস্ফোৰণ বন্ধ হ’ব লাগিব। অৱৰোধ উঠাই মানৱীয় সাহায্য প্ৰেৰণৰ বাবে তৎক্ষণাত গাজালৈ সাহায্য প্ৰেৰণ কৰিব লাগিব।

Related News