NORTHEAST NOW (Assamese)
ক্ৰীড়া

এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক জিনিলে ৯৪ বৰ্ষীয় ভগৱানী দেৱী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 12, 2022 4:30 pm
Bhagwani Devi Dagar

বয়স যে মনোবলৰ বাধা হ’ব নোৱাৰে এই কথা পুনৰ প্ৰমাণ কৰি দিছে ভগৱানী দেৱী ডাগৰে। ভাৰতৰ এই ৯৪ বছৰীয়া এথলীট গৰাকীয়ে ফিনলেণ্ডৰ টেম্পেৰত অনুষ্ঠিত বিশ্ব মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি দেশক গৌৰৱান্বিত কৰি তুলিছে।

ভগৱানী দেৱী ডাগৰে ১০০ মিটাৰ দৌৰৰ শাখাত ২৪.৭৪ ছেকেণ্ড সময় লৈ স্বৰ্ণ পদক দখল কৰে। তদুপৰি তেওঁ প্ৰতিযোগিতাখনত শ্বট-পুটতো ব্ৰঞ্জৰ পদক লাভ কৰিছে।

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে টুইটাৰযোগে বয়োজেষ্ঠ এথলীট গৰাকীৰ এই সাফল্যৰ বিষয়ে সদৰি কৰিছে।

 

উল্লেখ্য যে ৩৫ বছৰ বয়সৰ উৰ্দ্ধৰ খেলুৱৈসকলৰ বাবে বিশ্ব মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপ হৈছে আয়োজন কৰা হয়। এইবাৰ ২৯ জুনৰ পৰা ১০ জুলাইলৈ ফিনলেণ্ডত বিশ্ব মাষ্টাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছিল।

ভগৱানীৰ সাফল্যৰ পিছতে দেশবাসীয়ে তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ, হৰদীপ সিং পুৰী আৰু পীয়ুষ গোৱেলকে ধৰি আপ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনহোৰ লাল খট্টৰেও ভগৱানী দেৱী ডাগৰক অভিনন্দন জনায়।

তেওঁলোকে ৯৪ বছৰীয়া বৰিষ্ঠ এথলীট গৰাকীক সকলোৰে বাবে এক অনুপ্ৰেৰণা বুলি অভিহিত কৰে। আনহাতে সামাজিক মাধ্যমতো ভগৱানী দেৱী ডাগৰৰ এই চমকপ্ৰদ সাফল্যৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।