NORTHEAST NOW (Assamese)
Popular Stories

অসমত বিলুপ্ত হ’ল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ! শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 15, 2025 4:27 pm

চিৰদিনৰ বাবে অসমত বিলুপ্ত হল ৯৪৪টা নিম্ন স্নাতক শিক্ষকৰ পদ। ৰাজ্যৰ বিভিন্ন স্থানৰ LP আৰু UP বিদ্যালয়ত আছিল এইসমূহ পদ।

উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰে ইতিমধ্যে একত্ৰিকৰণ হৈছে সংশ্লিষ্ট LP -UPৰ পদসমূহ।

হাইস্কুল পৰ্যায়ত শিক্ষকৰ ন্যূনতম শিক্ষাগত অৰ্হতা স্নাতক। ইয়াৰ বাবে বিলুপ্তি ঘটোৱা হৈছে ৯৪৪টা নিম্ন স্নাতকৰ পদ।

অৱশ্যে ৰাজ্যৰ ১১৮খন চাহ বাগিচা আদৰ্শ হাইস্কুলৰ বাবে নতুনকৈ সৃষ্টি হব ৯৪৪টা স্নাতক শিক্ষকৰ পদ। লগতে নতুনকৈ সৃষ্টি হব ১১৮খন চাহ বাগিচা আদৰ্শ হাইস্কুলৰ প্ৰধান শিক্ষকৰ পদ।

ইয়াৰ বাবে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিলে মাধ্যমিক সঞ্চালক মমতা হোজায়ে।