NORTHEAST NOW (Assamese)

ইটালীত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা ৯৬ শতাংশ লোকৰে আছিল অন্যান্য শাৰীৰিক অসুস্থতা; ইটালীৰ স্বাস্থ্য বিভাগৰ প্ৰতিবেদনত প্ৰকাশ

May 27, 2020 8:58 am · এন ই নাও নিউজ

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ইটালীৰ স্বাস্থ্য বিভাগে দেশখনত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোক সন্দৰ্ভত এক বিশেষ তথ্য দাঙি ধৰিছে।

ইটালীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য বিভাগ, আই এছ এছয়ে দেশখনত ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোক সকলৰ ভিতৰত ৯৬ শতাংশ লোকৰে অন্য শাৰীৰিক অসুস্থতাৰ কাৰণে মৃত্যু হোৱা বুলি তথ্য দাঙি ধৰে।

দেশখনত শেহতীয়াভাৱে অধিকাংশ বয়োজেষ্ঠ লোক আৰু অসুস্থ লোক সকল ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে বুলি দেশখনৰ স্বাস্থ্য বিভাগে কয়।

আই এছ এছৰ মুৰব্বী চিলভিঅ’ ব্ৰুছাফেৰোই ইটালীত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোক সকলৰো গড় বয়সৰ বিষয়ে উল্লেখ কৰে।

ব্ৰুছাফেৰোই উল্লেখ কৰা অনুসৰি, ইটালীত ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোক সকলৰ গড় বয়স ৮০ বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ ফলত ইটালীত ত্ৰিশ হাজাৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।

দেশখনত মূলত বয়োজেষ্ঠ লোক সকল ক’ৰ’নাৰ চিকাৰ হৈছে।

আনহাতে, ক্ৰমাৎ ইটালীত ক’ৰ’নাৰ সংক্ৰমণ হ্ৰাস পাইছে।

Related News