NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

দহ সহস্ৰাধিক লোকক হত্যাৰ অভিযোগ! কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত নাজী বাহিনীৰ ৯৭ বৰ্ষীয় মহিলা কৰ্মী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 21, 2022 10:42 pm
Nazi woman convicted

জাৰ্মানীৰ কুখ্যাত নাজী বাহিনীৰ এগৰাকী কৰ্মী তথা নাজী কনচেনট্ৰেচন কেম্পত দায়িত্ব পালন কৰা এগৰাকী ৯৭ বছৰীয়া মহিলাক কাৰাদণ্ডৰ শাস্তিৰে দণ্ডিত কৰিছে জাৰ্মানীৰ আদালতে। প্ৰায় ১০,৫০৫ গৰাকী লোকক হত্যা কৰাত সহায় কৰা আৰু ৫ গৰাকী লোকক হত্যাৰ চেষ্টা কৰাৰ অপৰাধত দুবছৰৰ কাৰাদণ্ড বিহা হৈছে মহিলাগৰাকীক।

ইৰমগাৰ্ড ফাৰ্চনাৰ নামৰ এই মহিলাগৰাকীয়ে ১৯৪৩ চনৰ পৰা ১৯৪৫ চনলৈ নাজী শাসনৰ অন্তলৈকে নাজী বাহিনীয়ে অধিগ্ৰহণ কৰা পোলেণ্ডৰ ষ্টুত্থফ শিবিৰত ষ্টেনোগ্ৰাফাৰ আৰু টাইপিষ্ট হিচাপে কাম কৰিছিল।

এই শিবিৰত যুদ্ধবন্দী আৰু নাজীৰ ঘৃণনীয় ইহুদী নিধন অভিযানৰ সন্মুখীন হোৱা ইহুদীসকলো আছিল বুলি আমেৰিকাৰ হ’ল’কাষ্ট মেম’ৰিয়েল মিউজিয়ামে এই প্ৰতিবেদনত প্ৰকাশ কৰিছে।

আদালতে ফাৰ্চনাৰৰ শাস্তি ঘোষণা কৰি কয় যে ফাৰ্চনাৰে শিবিৰত বন্দীসকলক নৃশংস হত্যা তথা শিবিৰটোৰ পৰিচালনাৰ বাবে প্ৰয়োজনীয় কাগজ-পত্ৰৰ কাম চোৱা-চিতা কৰিছিল।

সেই সময়ত তেওঁৰ বয়স ১৮ ৰ পৰা ১৯ বছৰৰ ভিতৰত আছিল বাবে কিশোৰ আইন অনুসৰি ফাৰ্চনাৰক শাস্তি প্ৰদান কৰা হৈছে।

উল্লেখ্য গোচৰৰ বিচাৰৰ মাজতে চলিত মাহৰ আৰম্ভণিতে ফাৰ্চনাৰে আদালতত শিবিৰত সংঘটিত বৰ্বৰ ঘটনাৰ বাবে দুখ প্ৰকাশ কৰাৰ লগতে সেই সময়ত শিবিৰত থকাৰ বাবে অনুশোচনা কৰিছিল।