NORTHEAST NOW (Assamese)

9th World Strength lifting Championship নৱম বিশ্ব ষ্ট্ৰেংথ লিফটিং চেম্পিয়নশ্বিপ’২০২২, ভাৰতীয় দলত অসমৰ লিফ্টাৰ অন্তৰ্ভুক্ত

September 2, 2022 5:01 pm · এন ই নাও নিউজ,গুৱাহাটী
Updated: September 2, 2022 5:08 pm

অসমৰ খেলৰ জগত খনৰ বাবে এক সুখবৰ। নৱম বিশ্ব ষ্ট্ৰেংথ লিফটিং চেম্পিয়নশ্বিপ’২০২২ত ভাৰতীয় দলত চাৰিজন অসম লিফ্টাৰ অন্তৰ্ভুক্ত হৈছে৷ তেওঁলোক হৈছে ক্ৰমে কৈলাশ শৰ্মা ১০৫ কিলোগ্ৰাম, ৰাজকুমাৰ দাস ৯৫ কিলোগ্ৰাম, ফণী চক্ৰৱৰ্তী ৬৬ কিলোগ্ৰাম। (অল মাষ্টাৰ্ছ শ্ৰেণী) আৰু সিদ্ধাৰ্থ নাৰায়ণ ১১৫ কিলোগ্ৰাম। এই প্ৰতিযোগিতালৈ মুঠ ৫৫ জন সদস্য ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে৷

বিশ্ব ষ্ট্ৰেংথ লিফটিং চেম্পিয়নশ্বিপ আৰু ইনক্লেইন বেঞ্চ প্ৰেছ চেম্পিয়নশ্বিপ ‘২০২২ ৫ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ কিৰগিজস্তানত অনুষ্ঠিত হ’ব।

কিৰগিজস্তান ষ্ট্ৰেংথ লিফটিং ফেডাৰেচনৰ দ্বাৰা আয়োজিত আৰু কিৰগিজস্তান চৰকাৰৰ যুৱ পৰিক্ৰমা, শাৰীৰিক সাংস্কৃতিক আৰু ক্ৰীড়া সঞ্চালকৰ সহযোগত এই প্ৰতিযোগিতা খন আয়োজন কৰা হৈছে৷

ভাৰতীয় দলটোৱে ৪ ছেপ্টেম্বৰত নতুন দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা কিৰগিজস্তানলৈ ৰাওনা হ’ব৷ দলটোৱে উক্ত দিনা সন্ধিয়া ৬.৩০ বজাত এয়াৰ আৰৱৰ বিমানেৰে শাৰজাহ হৈ কিৰগিজস্তানলৈ যাব৷

প্ৰতিযোগিতাৰ সময়ত অনুষ্ঠিত হ’বলগীয়া ডব্লিউএছএলএফৰ বিশেষ সভাত অসমৰ কৈলাশ শৰ্মাও এজন বিষয়া হিচাপে উপস্থিত থাকিব বুলি জানিব পৰা মতে। উল্লেখ্য ভাৰতৰ চৰকাৰৰ হৈ কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ দপ্তৰৰ মন্ত্ৰী ৰাম দাস আঠৱালে ৩ ছেপ্টেম্বৰত আবেলি প্ৰায় ৪.৩০ বজাত নতুন দিল্লীত ভাৰতীয় দলটোকক সম্বৰ্ধনা জনাব।

Related News