NORTHEAST NOW (Assamese)
অসম

নোটৰ জৰিয়তে বিয়পিব পাৰে ক’ৰ’নাভাইৰাছ, বিশ্ব স্বাস্থ্য সংস্থাৰ সতৰ্কবাণী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 4, 2020 8:08 pm
coronavirus on banknote

বেংকনোটৰ জৰিয়তে বিয়পিব পাৰে ক’ৰ’নাভাইৰাছ, বিশ্ব স্বাস্থ্য সংস্থাই এই আশংকা প্ৰকাশ কৰিছে।

সেয়ে সংস্থাটোৱে যিমান পাৰি কণ্টেক্তলেছ প্ৰযুক্তি ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে।

নগদবিহীন লেনদেনৰ জৰিয়তে আপুনি বহুজনৰ হাত বাগৰি অহা নোট এৰাই চলাৰ দিহা কৰিব পাৰে।

বেংকনোটৰ উপৰি হাতেৰে ধৰা ৰেলিং আদিতো ভাইৰাছবিধ থাকিব পাৰে আৰু তাৰ পৰাও মানুহৰ দেহলৈ ইয়াৰ সংক্ৰমণ ঘটিব পাৰে।

চীন আৰু দক্ষিণ কোৰিয়াই ইতিমধ্যে বেংকনোটসমূহৰ নিৰ্বীজাণুকৰণ আৰম্ভ কৰিছে।

লগতে পঢ়ক– ক’ৰ’নাভাইৰাছৰ পৰা হাত সাৰিবলৈ কি কৰিব আৰু কি নকৰিব?