NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত কোভিডত আক্ৰান্তৰ সংখ্যা উদ্বেগজনক ভাবে বৃদ্ধি ,আক্ৰান্ত হ’ল কিমান?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী January 13, 2022 10:34 am
Covid19: 1586 persons discharged in Assam on Tuesday

দেশৰ আন ২৯ খন ৰাজ্যৰ লগতে অসমতো অতি দ্ৰুত গতিত সংক্ৰমিত হৈছে কোভিড।

এক কথাত ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিড-১৯ৰ দৈনিক সংক্ৰমণ।

সেইদৰে পজিটিভিটিৰ হাৰো হঠাতে ৬ শতাংশ অতিক্ৰম কৰিলে।

ৰাজ্যখনত বিগত ২৪ ঘন্টাত মুঠ ৩২৭৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হৈছে।

ইপিনে, যোৱা ২৪ ঘন্টাত অকল কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হৈছে ১১৩৮ গৰাকী লোক।

বিগত ২৪ ঘন্টাত ৰাজ্যখনত মুঠ ৪৯,৯১৫ গৰাকী লোকৰ কোভিড টেষ্ট কৰা হৈছিল।

ৰাজ্যত বৰ্তমান কোভিড পজিটিভিটিৰ হাৰ হৈছে ৬.৫৬ শতাংশ। সেইদৰে, সুস্থতাৰ হাৰ হৈছে ৯৬.৯৬ শতাংশ।
কালি কোভিডত মৃত্যু ঘটিছে চাৰিজন লোকৰ।