NORTHEAST NOW (Assamese)
Popular Stories

যদি থাইৰয়ডৰ সমস্যা আছে তেন্তে নিয়মীয়াকৈ গ্ৰহণ কৰক এই খাদ্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 5, 2020 11:50 am
9499e1313a555d30448e21febe01c352

বৰ্তমান প্ৰায়ভাগ লোকেই থায়ৰইডৰ সমস্যাত ভাৰাক্ৰান্ত। এই সমস্যাই মানুহক মানসিক তথা শাৰিৰীকভাৱে দুৰ্বল কৰি তোলে। সেয়ে আজি আমি আপোনালোকক কেইটামান খাদ্যৰ বিষয়ে জনাম যিয়ে আপোনাক এই সমস্যাৰ পৰা আঁতৰি ৰখাত সহায় কৰিব।

ব্ৰকলি

যদি আপুনি এই সমস্যাৰ পৰা আঁতৰি থাকিব খোজে তেন্তে নিয়মীয়াভাৱে গ্ৰহণ কৰক ব্ৰকলি। কাৰণ ব্ৰকলিত আয়দিন আৰু ফাইবাৰৰ মাত্ৰা অধিক থাকে। যিয়ে আপোনাক থাইৰয়ডৰ পৰা আঁতৰত ৰাখিব আৰু সুস্বাস্থ্যবান কৰি ৰখাত সহায় কৰিব।

শীতলীকৃত শাক-পাচলি

থাইৰয়ডৰ সমস্যা থকা লোকসকলৰ বাবে আটাইতকৈ উত্তম হৈছে ড্ৰামষ্টিক শাক-পাচলি। এনেধৰণৰ শাক-পাচলিয়ে থাইৰয়ডৰ গ্ৰন্থিসমূহ উন্নত কৰাত সহায় কৰে। ইয়াৰ লগতে ইয়ে থাইৰয়ড নিয়ন্ত্ৰণত ৰাখে আৰু শৰীৰ সতেজ কৰি ৰাখে।

বীন

নিয়মীতভাৱে বীনজাতীয় পাচলি খালেও থাইৰয়ডৰ সমস্যাৰ পৰা মুক্ত হৈ থাকিব পাৰে। কাৰণ এনেধৰণৰ খাদ্যত ভিটামিন আৰু মিনাৰেল অধিক মাত্ৰাত পোৱা যায় আৰু ইয়ে থাইৰয়ড গ্ৰন্থি সমূহ শক্তিশালী কৰে।