NORTHEAST NOW (Assamese)
Popular Stories

আজিৰ পৰা দেশত নতুন কোভিড প্ৰট’কল আৰম্ভ : জনসাধাৰণে এমাহ মানিব লাগিব এই নতুন নিৰ্দেশনা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 1, 2020 10:58 am
index.jpg

দেশত কোভিড১৯ৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে কোভিড প্ৰটক’ল শীথিল কৰা হৈছিল। ইয়াৰ ফলত দেশৰ কিছুমান ৰাজ্যত পুনৰ কোভিড১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

দেশৰ কিছুমান ৰাজ্যত পুনৰ কোভিড১৯ৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১ ডিচেম্বৰৰ পৰা সমগ্ৰ দেশত বলৱৎ হোৱাকৈ নতুন কোভিড নিৰ্দেশনা জাৰি কৰিছে।

সোমবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালে এই সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰিছে।

এই নতুন নিৰ্দেশনাৰ মতে কনটেনমেন্ট এলেকা হিচাপে ঘোষণা কৰাৰ ঠাইৰ সকলোবোৰ দোকান-বজাৰ বন্ধ থাকিব আৰু ইয়াৰ বাহিৰত থকা বজাৰ, দোকান, শ্বপিং মল, চুপাৰ মাৰ্কেট আদি খোলা থাকিব। অৱশ্যে এইসমূহ খোলা থাকিলেও কোবিড প্ৰটক’ল মানি চলিব লাগিব সকলোৱে।

ৰাজহুৱা স্থান বিশেষকৈ শ্বপিং মল, বজাৰ আদিত মানুহৰ ভিৰ হোৱাৰ লগতে মাস্ক পৰিধান নকৰা, সামাজিক ব্যৱধান ৰক্ষা নকৰা আৰু চেনিটাইজিং নকৰাৰ ফলত কোভিড সংক্ৰমণ পুনৰ বৃদ্ধি পোৱা নিৰ্দেশনাটোত কোৱা হৈছে।

নতুন নিৰ্দেশনাত সেয়ে কনটেনমেন্ট এলেকাত কঠোৰভাৱে কোভিড প্ৰটক’ল মানি চলিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে।

নিৰ্দেশনাটোৰ মতে কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্য চৰকাৰসমূহে কোভিড প্ৰটক’লৰ অধীনত কোভিড সংক্ৰমিত এলেকাসমূহত স্থানীয় নিষেধাজ্ঞা জাৰি কৰিব পাৰিব।

প্ৰয়োজন সাপেক্ষে নৈশ সান্ধ্য আইন জাৰি কৰাৰ লগতে কনটনটেন্ট জ’ন আৰু তাৰ আশ পাশ অঞ্চলসমূহত স্থানীয় লকডাউন বলৱৎ কৰিব পাৰিব কেন্দ্ৰীয় শাসিত অঞ্চল আৰু ৰাজ্যসমূহে।