NORTHEAST NOW (Assamese)
অসম

চকুৰ পলকতে ধুলিৰ স্তূপত পৰিণত হ’ল গগনচুম্বী অট্টালিকা; মাটি হ’ল নয়ডাৰ টুইন টাৱাৰ (চাওক ভিডিঅ’)

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী August 28, 2022 4:08 pm

অৱশেষত বহু অপেক্ষিত নয়ডাৰ টুইন টাৱাৰ আজি ভাঙি পেলোৱা হ’ল। দেওবাৰে দুপৰীয়া ২.৩০ বজাত এটা বুটাম টিপি অবৈধ নিৰ্মাণ এই টুইন টাৱাৰ ধ্বংস কৰাৰ কথা আছিল। এনেদৰেই কামবোৰ কৰা হৈছিল। মাত্ৰ ৯ ছেকেণ্ডত এ বিশাল গগনচুম্বী অট্টালিকা হুৰহুৰাই খহি পৰি মাটি হৈ পৰিল। এই টুইন টাৱাৰ কুতুব মিনাৰতকৈ ওখ আছিল।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত ১০ বছৰৰ গগনচুম্বী যমজ অট্টালিকাটো ৩,৭০০ কিলোগ্ৰাম বিস্ফোৰক সহায়ত ধ্বংস কৰা হ১০০ মিটাৰ ওখ এপেক্স আৰু ৯৭মিটাৰ ওখ চিয়ান নামৰ দুটা টাৱাৰ নিমিষতে মাটি সৰি পৰিল

গোটেই ঠাইখিনি চকুৰ সন্মুখত ধুলিৰ ধুমুহাই আৱৰি ধৰেএতিয়া ধ্বংসৰ পিছৰ কাম আৰম্ভ হৈছে। অৱশ্যে ৮,০০০ টন আৱৰ্জনা আঁতৰাবলৈ তিনি মাহ লাগিব।

ইয়াৰ পূৰ্বে টুইন টাৱাৰ ধ্বংস কৰাৰ সময়ত যাতে কাষৰীয়া কোনো লোকৰ কোনো হানি-বিঘিনি নঘটে তাৰ বাবে টুইন টাৱাৰৰ ওচৰত বাস কৰা ৫,০০০ৰো অধিক লোকক তেওঁলোকৰ গৃহ ত্যাগ কৰাৰ নিৰ্দেশ দিয়া হৈছিল৷ সেইমৰ্মে আজি পুৱা ৭ বাজি ৩০ মিনিটৰ ভিতৰত লোকসকলে আন স্থানলৈ আঁতৰি গৈছে।

টুইন টাৱাৰ দ্বংস কৰিবলৈ সেই স্থানত ৯৬৪০ টা গাঁত খান্দি সেই গাঁতত ৩৭০০ কিলোগ্ৰাম বাৰুদ পূৰোৱা হৈছিল৷ ৩৭০০ কিলোগ্ৰাম বাৰুদে ৯ ছেকেণ্ডৰ ভিতৰতে নয়দাৰ টুইন টাৱাৰ মাটিৰ সৈতে মিলাই দিব বুলি এগৰাকী চৰকাৰী বিষয়াই প্ৰকাশ কৰিছিল। টুইন টাৱাৰ ধ্বংস কৰাৰ বাবে আজি নয়দা-গ্ৰেটাৰ নয়ডা এক্সপ্ৰেছৱেত যান-বাহন চলাচল বিয়লি ২.১৫ বজাৰ পৰা আবেলি ২.৪৫ বজালৈ বন্ধ থাকিব বুলি চৰকাৰী ভাবে কোৱা হৈছিল

উল্লেখ্য চুপাৰটেক এমাৰ্ল্ড হাউচিং চ’চাইটিৰ টুইন টাৱাৰক্ৰমে এপেক্স আৰু চিয়ানৰ উচ্চতা প্ৰায় ১০১-৯৪ মিটাৰচৰকাৰী নীতি উলংঘা কৰি নিৰ্মাণ কৰা টুইন টাৱাৰ ২০১৪ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে ধ্বংস কৰিবলৈ নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে প্ৰথমাৱস্থাত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ আদেশ স্থগিত ৰাখিছিল যদিও পাছত টুইন টাৱাৰ ধ্বংসৰ অনুমতি দিয়ে৷

নিৰ্মাণ সংস্থা ছুপাৰটেকে ২০০৯ চনত নিৰ্মাণ আৰম্ভ কৰা টুইন টাৱাৰত মুঠ ৯৫০তকৈও অধিক ফ্লেট নিৰ্মাণ আছিল। অৰ্ধনিৰ্মিত টুইন টাৱাৰৰ ফ্লেটসমূহ ক্ৰয় কৰি বহুতে প্ৰতাৰিত হোৱা বুলিও অভিযোগ কৰিছিল ৷ প্ৰতাৰণাৰ বিষয়টো ২০১২ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ মজিয়া পাইছিল৷

জানিব পৰা মতে ৬৩৩ জন লোকে টুইন টাৱাৰত ফ্লেট বুক কৰিছিল। ইয়াৰ ভিতৰত ২৪৮ জন লোকে ধন ঘূৰাই পাইছে আৰু প্ৰায় ১৩৩ জনক সংস্থাটোৱে বেলেগ ঠাইত ঘৰ দিছে৷ ২৫২ জনে আজিও ফ্লেট বুকিঙৰ ধন ঘূৰাই পোৱা নাই৷ টুইন টাৱাৰৰ সংলগ্ন ঠাইৰ পৰিমাণ নিয়ম অনুসৰি প্ৰায় ২০ মিটাৰ হ’ব লাগিছিল সেয়া ৯ মিটাৰতকৈ কম হোৱাৰ অভিযোগ উঠিছিল।

উদয়ভান তেওটিয়া নামৰ লোকজনে এই বিষয়ত আদালতৰ কাষ চপাত টুইন টাৱাৰ নিৰ্মাণত আন বহু কেইটা বিসংগতি ধৰা পৰে৷ ফলত আদালতে টুইন টাৱাৰ ধ্বংসৰ নিৰ্দেশ দিছিল৷