NORTHEAST NOW (Assamese)
অটো

ভাৰতত প্ৰৱেশ ইলন মাস্কৰ টেছলাৰ! দেশত নিৰ্মাণ হ’ব ৫ লাখ ই-কাৰ; কিমান হ’ব মূল্য?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 13, 2023 10:01 am

দীৰ্ঘদিন ধৰি ভাৰতত টেছলা ইলেক্ট্ৰিক কাৰ মুকলিৰ সন্দৰ্ভত আলোচনা চলি আহিছে। বিগত কেইবছৰ ধৰি টেছলাৰ প্ৰতিনিধিয়ে ভাৰতীয় বিষয়াসকলৰ সৈতে দেশত কোম্পানীটোৰ প্লাণ্ট স্থাপন আৰু যান-বাহন আমদানি সম্পৰ্কেও আলোচনা কৰি আহিছিল। কিন্তু এই কামত তেওঁ সফলতা লাভ কৰা দেখা যোৱা নাছিল আৰু বছৰ বছৰ ধৰি মানুহে টেছলাৰ গাড়ী ভাৰতত মুকলি হোৱাৰ অপেক্ষা কৰি থাকিল।

কিন্তু শেহতীয়াকৈ এটা ডাঙৰ খবৰ চৰ্চালৈ আহিছে। ইলন মাস্কৰ এটা দলে পুনৰ ভাৰত চৰকাৰৰ সৈতে এই বিষয়ত আলোচনা আৰম্ভ কৰিছে।

এইবাৰ টেছলাৰ প্ৰতিনিধিয়ে এটা সুনিৰ্দিষ্ট প্ৰস্তাৱ লৈছে আৰু কোম্পানীটোৱে চৰকাৰক ৫ লাখ ইলেক্ট্ৰিক গাড়ী উৎপাদনৰ বাবে এটা কাৰখানা স্থাপনৰ প্ৰস্তাৱ দিছে। একে সময়তে কোম্পানীটোৱে নিজৰ গাড়ীৰ দাম সম্পৰ্কেও প্ৰকাশ কৰিছে আৰু তেওঁলোকে নিজৰ সুলভ মূল্যৰ ইলেক্ট্ৰিক গাড়ীখন দেশলৈ অনাৰ কথা সদৰী কৰিছে।

লগতে পঢ়ক: কেবিনেট সিদ্ধান্ত: উচ্চ শিক্ষাত অ’বি চিৰ বাবে সংৰক্ষিত আসন ১৫ শতাংশৰ পৰা ২৭ শতাংশলৈ বৃদ্ধি

সূত্ৰ অনুসৰি, টেছলাই নিজৰ প্ৰস্তাৱত প্ৰতি বছৰে ৫ লাখ ইলেক্ট্ৰিক গাড়ী নিৰ্মাণৰ লগতে দেশত ২০ লাখ টকাত টেছলাৰ গাড়ী মুকলি কৰাৰ কথাও কৈছে। যদিও এইটো হ’ব ইলেক্ট্ৰিক গাড়ীৰ আৰম্ভণিৰ মূল্য।

টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি চীনত টেছলাৰ উল্লেখযোগ্য উপস্থিতি আছে যদিও এতিয়া কোম্পানীটোৱে ভাৰতক ৰপ্তানিৰ বাবে সুবিধাজনক আধাৰ হিচাপে চাইছে যাতে তেওঁলোকে সহজেই ইণ্ডো-পেচিফিক দেশসমূহলৈ নিজৰ গাড়ী প্ৰেৰণ কৰিব পাৰে।

একে সময়তে চৰকাৰী সূত্ৰৰ পৰা জানিব পৰা মতে টেছলাই চৰকাৰৰ বাবে এক উন্নত পৰিকল্পনা আগবঢ়াইছে আৰু এইবাৰ ফলাফল ইতিবাচক হ’ব বুলি নিশ্চিত হোৱাৰ কথা প্ৰকাশ কৰিছে। ইয়াৰ আঁৰৰ প্ৰধান কাৰণ হৈছে স্থানীয় উৎপাদন আৰু ৰপ্তানিৰ জড়িত হোৱাৰ সুযোগ।

লগতে পঢ়ক: উত্তৰ ভাৰত অভিমূখী কেইখনমান ৰে’লৰ সেৱা বাতিল; কেইখনমানৰ অস্থায়ী ষ্টপেজত অনুমোদন

বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে কোম্পানীটোৰ সৈতে আলোচনাত মিলিত হৈছে আৰু এইক্ষেত্ৰত ভাল চুক্তি কৰিব পৰা যাব বুলি চৰকাৰ আশাবাদী। অৱশ্যে এই সমগ্ৰ কথা-বতৰা আৰু টেছলাৰ ভাৰতলৈ অহা সন্দৰ্ভত চৰকাৰ বা কোম্পানীটোৱে কোনো আনুষ্ঠানিক বক্তব্য বা ঘোষণা কৰা নাই।