NORTHEAST NOW (Assamese)
Popular Stories

শনি লাগিছে মধ্য প্ৰাচ্যত! : লেবাননৰ পিছত এইবাৰ সংযুক্ত আৰৱ আমিৰশ্বহীত বিধ্বংসী জুই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 6, 2020 8:34 am
2020-08-05t185835z_2067072018_rc2u7i9c8gdv_rtrmadp_3_emirates-blaze

শনি লাগিছে নেকি মধ্য প্ৰাচ্যত! ইখনৰ পিছত সিখন মধ্য প্ৰাচ্যৰ দেশত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ, বিধ্বংসী অগ্নিকাণ্ড আদি।

লেবাননৰ ৰাজধানী বেইৰুটৰ ভয়ংকৰ বিস্ফোৰণৰ পিছত এইবাৰ সংযুক্ত আৰৱ আমিৰশ্বাহীত সংঘটিত হৈছে বিধ্বংসী অগ্নিকাণ্ড।

বুধবাৰে স্থানীয় সময় সন্ধিয়া ৬.৩০ মান বজাত দপদপাই জ্বলি উঠে আমিৰশ্বাহীৰ আজমান মাৰ্কেট।

স্থানীয় সংবাদ প্ৰতিষ্ঠান খলিল টাইমছৰ খবৰ অনুসৰি মাৰ্কেটখনৰ পাচলি বজাৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

ইয়াৰ পিছতে লাহে লাহে সমগ্ৰ মাৰ্কেটখনক জুই লেলিহান শিখাই আগুৰি ধৰে।

স্থানীয় প্ৰশাসনে তৎপৰতাৰে অগ্নিনিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিয়ন্ত্ৰণ কৰিবলৈ প্ৰচেষ্টা লয় যদিও ইতিমধ্যে সমগ্ৰ মাৰ্কেটখন জুই ভষ্মীভূত হয়।

এই বিধ্বংসী অগ্নিকাণ্ডটোত কিমান লোক হতাহত হৈছে সেয়া জানিব পৰা হোৱা নাই।

স্মৰ্তব্য যে ইয়াৰ আগদিনা লেবাননৰ ৰাজধানী বেইৰুটৰ বন্দৰত থকা এটা ৰাসায়নিক দ্ৰৱ্য মজুত ৰখা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হৈছিল।

উক্ত ভয়ংকৰ বিস্ফোৰণ শতাধিক লোক নিহত হোৱাৰ উপৰি ৪ হাজাৰৰো অধিক লোক আহত হৈছে।