NORTHEAST NOW (Assamese)
অসম

যোৰাবাটত আৰক্ষীৰ অভিযানত আটক দুজন চোৰাং সোণ ব্যৱসায়ী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 13, 2019 9:58 pm
gold biscuit

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত যোৰাবাট আৰক্ষীয়ে অভিযান চলাই বৃহস্পতিবাৰে যোৰাবাট অঞ্চলৰ পৰা দুগৰাকী সোণৰ চোৰাং ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়।

যোৰাবাট আৰক্ষীৰ অভিযানত আটক হোৱা চোৰাং ব্যৱসায়ী দুগৰাকী আহাৰ আলী আৰু আমিৰ আলী বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে।

আনহাতে, আৰক্ষীয়ে অভিযানকালত আহাৰ আলী আৰু আমিৰ আলীৰ হাতৰ পৰা প্ৰায় ডেৰ লাখ টকা মূল্যৰ সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ জেৰাত দুয়োগৰাকী চোৰাং ব্যৱসায়ীয়ে সোণখিনি তেজপুৰৰ পৰা যোৰাবাটলৈ বিক্ৰীৰ বাবে অনা বুলি স্বীকাৰ কৰে।

বৰ্তমান আৰক্ষীৰ জিম্মাত আছে দুয়োগৰাকী কুখ্যাত অবৈধ সোণ ব্যৱসায়ী আহাৰ আলী আৰু আমিৰ আলী।

আৰক্ষীৰ সূত্ৰৰ পৰা প্ৰকাশ কৰা অনুসৰি দুয়োগৰাকী ব্যৱসায়ীয়ে দীৰ্ঘদিনৰ পৰা এনেধৰণৰ অবৈধ কাম-কাজত জড়িত হৈ আছিল। যোৰাবাট অঞ্চলত সম্প্ৰতি অপাৰাধ মূলক কাম-কাজ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।