NORTHEAST NOW (Assamese)
অসম

CAA-ৰ স্থগনাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; উত্তৰ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক ৪ সপ্তাহৰ সময়

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2020 11:42 am
SC not expressing any view if "access to Internet'' a fundamental right

আজি CAA- সম্পৰ্কীয় আবেদনবোৰৰ শুনানি লোৱা উচ্চতম ন্যায়ালয়ে আইনখন বলৱৎকৰণত স্থগনাদেশ জাৰি কৰিবলৈ পুনৰ বাৰ অস্বীকাৰ কৰে।

তাৰ পৰিৱৰ্তে বিতৰ্কিত আইনখনৰ বৈধতা নিৰ্ণয় কৰিবলৈ এখন সাংবিধানিক বিচাৰপীঠ গঠনৰহে ইংগিত দিয়ে মুখ্য ন্যায়াধীশ এছ এ ববডেই।

বিতৰ্কিত আইনখনৰ পক্ষে আৰু বিপক্ষে মুঠ ১৪৮টা পক্ষই দিয়া প্ৰায় ১৪৪খন আৱেদনৰ শুনানি লৈছিল ববডেৰ নেতৃত্বৰ এখন তিনিজনীয়া বিচাৰপীঠে। ১৪৪খন আৱেদনৰ ১৪১খনেই আছিল বিৰোধিতা কৰি দাখিল কৰা।

কেন্দ্ৰীয় চৰকাৰৰ হৈ শুনানিত উপস্থিত থকা এটৰ্ন জেনেৰেল কে কে বেণুগোপালে ন্যায়ালয়ক কয় যে চৰকাৰে ৬০খন আৱেদন লাভ কৰিছে আৰু এইবোৰৰ প্ৰতিক্ৰিয়া দিবৰ বাবে চৰকাৰক সময়ৰ প্ৰয়োজন হৈছে।

উত্তৰ দিয়াৰ বাবে ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ৪ সপ্তাহৰ সময় দিয়ে।

আইনখনৰ বিৰুদ্ধে দেশৰ বিভিন্ন অংশৰ ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনৰ পৰা আদি কৰি বিভিন্ন ব্যক্তিয়েও আবেদন দাখিল কৰিছে।

যোৱা ১৮ ডিচেম্বৰত এই আৱেদনবোৰৰ প্ৰথমটো শুনানিত শীৰ্ষতম আদালতখনে আইনখনত স্থগনাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছিল এই বুলি যে আইনখন এতিয়াও বলৱৎ কৰা হোৱা নাই।

পিছত যোৱা ১০ জানুৱাৰিত কেন্দ্ৰীয় চৰকাৰে আইনখন বলৱৎ কৰে।

তিনিজনীয়া বিচাৰপীঠখন মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত গঠিত আৰু  তেওঁৰ উপৰি ন্যায়াধীশ আব্দুল নাজিৰ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাও আছে।