NORTHEAST NOW (Assamese)
Popular Stories

গুৱাহাটীৰ কমলকৃষ্ণ দাসলৈ ২০১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় সাহসিকতা বঁটা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 22, 2020 12:18 pm

প্ৰত্যেক বছৰে গণৰাজ্য দিৱসত প্ৰদান কৰি অহা ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ বাবে এইবাৰ ঘোষণা হৈছে অসমৰ কমলকৃষ্ণ দাসৰ নাম। কমলকৃষ্ণ উত্তৰ গুৱাহাটীৰ ধনঞ্জয় দাস আৰু জিতুমণি দাসৰ সন্তান।

উল্লেখযোগ্য যে ১১ বছৰীয়া কমলকৃষ্ণ দাসে ২০১৮ চনত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত ভয়ংকৰ ফেৰী দুৰ্ঘটনাত পতিত হোৱা নিজৰ মাতৃ, পেহীয়েক আৰু এগৰাকী মহিলাক মৃত্যুৰ পৰা ৰক্ষা কৰি সাহসিকতাৰ পৰিচয় দিছিল।

যাৰ বাবে কেন্দ্ৰীয় শিশু কল্যাণ পৰিষদে ৰাষ্ট্ৰীয় সাহসিকতাৰ বঁটাৰ তালিকাত মঙলবাৰে কমলকৃষ্ণ দাসৰ ঘোষণা কৰে।

২০১৯ বৰ্ষৰ ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ কাৰণে দেশৰ ১২খন ৰাজ্যৰ মুঠ ২২গৰাকী ল’ৰা-ছোৱালীক বাছনি কৰা হৈছে। ইয়াৰে ১২জন ল’ৰা আৰু ১০ গৰাকী ছোৱালী। ইয়াৰ ভিতৰৰ এটি শিশুক মৰণোত্তৰভাৱে এই বঁটা আগবঢ়োৱা হ’ব।

গুৱাহাটীৰ ছেইণ্ট এন্থনীজ স্কুলৰ ছাত্ৰ কমলকৃষ্ণ দাসে ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত সংঘটিত উক্ত ফেৰী দুৰ্ঘটনাত ব্ৰহ্মপুত্ৰৰ পানীত ডুবিবলৈ ধৰা মাক, পেহীয়েককে ধৰি তিনিগৰাকী মহিলাক সাঁতুৰি গৈ উদ্ধাৰ কৰা কাৰ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।