NORTHEAST NOW (Assamese)
অসম

কটনৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত গণ অনশন কাৰ্যসূচীত বহিল বিশ্ববিদ্যালয়খনৰ ছাত্ৰ সমাজ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া January 22, 2020 1:00 pm
Cotton's student

CAA বাতিলৰ দাবীত আজি কটন বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰৰ সন্মুখত গণ অনশনত বহে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী।

উচ্চতম ন্যায়ালয়ত বিতৰ্কিত আইনখনৰ শুনানিৰ দিনটোতে ন্যায়ালয় খোলা সময়ৰ পৰা বন্ধ হোৱালৈকে এই গণ অনশন কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত লয় কটনৰ ছাত্ৰ সমাজে।

প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰি ছাত্ৰ সমাজে উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস স্থাপন কৰি এই আশা প্ৰকাশ কৰে যে ন্যায়ালয়ে কা-বিৰোধী আন্দোলনৰ পক্ষত ৰায় প্ৰদান কৰিব।

“আমি একমাত্ৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত বিশ্বাসী। অসমীয়াৰ কথা চিন্তা কৰিবলৈ যিখন চৰকাৰক দিচপুৰলৈ পঠোৱা হৈছিল সেইখন চৰকাৰে দিল্লীৰ দালালি কৰে আৰু এতিয়া বাংলাদেশৰ দালালি কৰে। সংবিধানৰ বিৰোধিতা কৰি বিজেপি চৰকাৰে এই আইনখন আনিলে গতিকে আমি আশা কৰোঁ উচ্চতম ন্যায়ালয় ইয়াৰ বিপক্ষে থিয় দিব”, কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰাঞ্জল কলিতাই নৰ্থ-ইষ্ট নাওৰ আগত এইদৰে কয়।

আন এগৰাকী ছাত্ৰ হীৰকজ্যোতি বৰাই কয়, “আমাৰ উচ্চতম ন্যায়ালয়ৰ ওপৰত সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে। উচ্চতম ন্যায়ালয় অসমবাসী আৰু দেশবাসীৰ পক্ষত থিয় দিব বুলি আমাৰ গভীৰ বিশ্বাস আছে।”

লগতে পঢ়ক CAA-ৰ স্থগনাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; উত্তৰ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক ৪ সপ্তাহৰ সময়

উল্লেখ কৰিব পাৰি যে আজিৰ শুনানিৰ সময়ত দেশৰ শীৰ্ষতম আদালতখনে বিতৰ্কিত নাগৰিকত্ব (সংশোধন) আইনখনৰ বলৱৎকৰণ স্থগিত ৰাখিবলৈ চৰকাৰক নিৰ্দেশ দিয়াৰ বাবে অস্বীকাৰ কৰিছে। তাৰ পৰিৱৰ্তে চৰকাৰক উত্তৰ দিয়াৰ বাবে পুনৰ ৪ সপ্তাহৰ সময় দিয়ে সংশ্লিষ্ট বিচাৰপীঠখনে।

বিষয়টো চাবৰ বাবে সাংবিধানিক বিচাৰপীঠ গঠনৰো ইংগিত দিয়ে উচ্চতম ন্যায়ালয়ে।