• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

CAA-ৰ স্থগনাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; উত্তৰ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক ৪ সপ্তাহৰ সময়

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2020 11:42 am
SC not expressing any view if "access to Internet'' a fundamental right

ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ফাইল ছবি।

6.4k
VIEWS
Share on FacebookShare on Twitter

আজি CAA- সম্পৰ্কীয় আবেদনবোৰৰ শুনানি লোৱা উচ্চতম ন্যায়ালয়ে আইনখন বলৱৎকৰণত স্থগনাদেশ জাৰি কৰিবলৈ পুনৰ বাৰ অস্বীকাৰ কৰে।

তাৰ পৰিৱৰ্তে বিতৰ্কিত আইনখনৰ বৈধতা নিৰ্ণয় কৰিবলৈ এখন সাংবিধানিক বিচাৰপীঠ গঠনৰহে ইংগিত দিয়ে মুখ্য ন্যায়াধীশ এছ এ ববডেই।

বিতৰ্কিত আইনখনৰ পক্ষে আৰু বিপক্ষে মুঠ ১৪৮টা পক্ষই দিয়া প্ৰায় ১৪৪খন আৱেদনৰ শুনানি লৈছিল ববডেৰ নেতৃত্বৰ এখন তিনিজনীয়া বিচাৰপীঠে। ১৪৪খন আৱেদনৰ ১৪১খনেই আছিল বিৰোধিতা কৰি দাখিল কৰা।

কেন্দ্ৰীয় চৰকাৰৰ হৈ শুনানিত উপস্থিত থকা এটৰ্ন জেনেৰেল কে কে বেণুগোপালে ন্যায়ালয়ক কয় যে চৰকাৰে ৬০খন আৱেদন লাভ কৰিছে আৰু এইবোৰৰ প্ৰতিক্ৰিয়া দিবৰ বাবে চৰকাৰক সময়ৰ প্ৰয়োজন হৈছে।

উত্তৰ দিয়াৰ বাবে ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক ৪ সপ্তাহৰ সময় দিয়ে।

আইনখনৰ বিৰুদ্ধে দেশৰ বিভিন্ন অংশৰ ৰাজনৈতিক আৰু অৰাজনৈতিক দল-সংগঠনৰ পৰা আদি কৰি বিভিন্ন ব্যক্তিয়েও আবেদন দাখিল কৰিছে।

যোৱা ১৮ ডিচেম্বৰত এই আৱেদনবোৰৰ প্ৰথমটো শুনানিত শীৰ্ষতম আদালতখনে আইনখনত স্থগনাদেশ জাৰি কৰিবলৈ অস্বীকাৰ কৰিছিল এই বুলি যে আইনখন এতিয়াও বলৱৎ কৰা হোৱা নাই।

পিছত যোৱা ১০ জানুৱাৰিত কেন্দ্ৰীয় চৰকাৰে আইনখন বলৱৎ কৰে।

তিনিজনীয়া বিচাৰপীঠখন মুখ্য ন্যায়াধীশ এছ এ ববডেৰ নেতৃত্বত গঠিত আৰু  তেওঁৰ উপৰি ন্যায়াধীশ আব্দুল নাজিৰ আৰু ন্যায়াধীশ সঞ্জীৱ খান্নাও আছে।

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd