• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভোটবেংকৰ ৰাজনীতিত হেৰাল নেকি বিশ্বাসযোগ্য এনআৰচি? গুৱাহাটীত উন্মোচন বিকাশ সিঙৰ গ্ৰন্থ ‘হোৱাই ন’ ওৱান অ’নছ এনআৰচি’

কোটি কোটি লোক জড়িত হোৱা আৰু বিপুল ৰাজহুৱা ধন ব্যয় হোৱা অসমৰ নাগৰিকত্ব নিৰূপণ প্ৰক্ৰিয়াটোৰ ফলাফলৰ দায়িত্ব আচলতে কোনে ল’ব? ৰাজনৈতিক বিতৰ্কৰ ঊৰ্ধ্বলৈ গৈ এনআৰচিৰ ঐতিহাসিক, আইনী, প্ৰশাসনিক আৰু মানৱীয় দিশসমূহ দাঙি ধৰা গ্ৰন্থখন দেওবাৰে দিছপুৰত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2026 9:47 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জ্যেষ্ঠ সাংবাদিক বিকাশ সিঙৰ গ্ৰন্থ ‘হোৱাই ন’ ওৱান অ’নছ এনআৰচি: আছামছ ১,৬০০ ক্ৰ’ৰ চিটিজেনশ্বিপ এক্সপেৰিমেণ্ট’ (Why No One Owns NRC: Assam’s Rs 1,600 Crore Citizenship Experiment) দেওবাৰে গুৱাহাটীত আনুষ্ঠানিকভাৱে উন্মোচিত হয়। দিছপুৰস্থিত নেডফি হাউছ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন মুকলি কৰে অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া তথা অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ পল্লৱ ভট্টাচাৰ্য, ‘দ্য আছাম ট্ৰিবিউন’ৰ কাৰ্যবাহী সম্পাদক ৰামানুজ দত্ত চৌধুৰী আৰু নেডফিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পি ভি এছ এল এন মূৰ্তিয়ে। অনুষ্ঠানত বহু জ্যেষ্ঠ সাংবাদিক, শিক্ষাবিদ আৰু বিশিষ্ট নাগৰিক উপস্থিত থাকে।

 

Apply Now

নাগৰিকত্বক লৈ চলি অহা গতানুগতিক ৰাজনৈতিক তৰ্ক-বিতৰ্কৰ ঊৰ্ধ্বলৈ গৈ গ্ৰন্থখনত অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি) উন্নীতকৰণৰ এক বিস্তৃত বিশ্লেষণ আগবঢ়োৱা হৈছে। প্ৰক্ৰিয়াটোৰ ঐতিহাসিক আৰু আইনী ভেটি, নথিপত্ৰ পৰীক্ষণৰ সময়ত সাধাৰণ জনতাই সন্মুখীন হোৱা অভিজ্ঞতা, ইয়াৰ ৰূপায়ণত জড়িত প্ৰশাসনিক ব্যৱস্থা তথা চূড়ান্ত তালিকা প্ৰকাশৰ বহু বছৰ পাছতো অমীমাংসিত হৈ ৰোৱা প্ৰশ্নসমূহ গ্ৰন্থখনত সবলভাৱে তুলি ধৰা হৈছে। গ্ৰন্থখনৰ মূলতে এটা মৌলিক প্ৰশ্ন উত্থাপন কৰা হৈছে- কোটি কোটি লোক জড়িত হোৱা, বিপুল ৰাজহুৱা ধন ব্যয় হোৱা আৰু দেশৰ অন্যতম বৃহৎ এই নাগৰিকত্ব পৰীক্ষণ প্ৰক্ৰিয়াটোৰ ফলাফলৰ প্ৰতিষ্ঠানিক দায়িত্ব আচলতে কোনে ল’ব?

 

গ্ৰন্থখনত সাধাৰণ নাগৰিকসকলে পূৰ্বপুৰুষৰ নথিপত্ৰ সংগ্ৰহ, বংশাৱলী প্ৰমাণ, শুনানিত অংশগ্ৰহণ আৰু চূড়ান্ত তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ অপেক্ষাত কটোৱা বছৰবোৰৰ জীয়া ছবি অংকন কৰা হৈছে। ইয়াৰ লগতে আবেদনসমূহ পৰীক্ষা কৰা বিষয়া-কৰ্মচাৰীসকলৰ ভূমিকা, ব্যৱহৃত প্ৰযুক্তি আৰু এই বিশাল প্ৰক্ৰিয়াটোৰ বাবে প্ৰয়োজন হোৱা প্ৰতিষ্ঠানিক তথা বিত্তীয় সম্পদৰ খতিয়ানো ইয়াত সন্নিৱিষ্ট কৰা হৈছে।

 

উল্লেখযোগ্য যে ২০১৯ চনৰ ৩১ আগষ্টত প্ৰকাশিত চূড়ান্ত এনআৰচিত মুঠ ৩,৩০,২৭,৬৬১গৰাকী আবেদনকাৰীৰ ভিতৰত ৩,১১,২১,০০৪গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল আৰু ১৯,০৬,৬৫৭গৰাকী লোক তালিকাৰ বাহিৰত ৰৈ গৈছিল। কিন্তু চূড়ান্ত তালিকা প্ৰকাশৰ পাছতো প্ৰক্ৰিয়াটোৰ কোনো স্পষ্ট পৰিসমাপ্তি নঘটিল। তালিকাখনৰ আনুষ্ঠানিক অধিসূচনা, বাদ পৰা লোকসকলক প্ৰত্যাখ্যান-পত্ৰ প্ৰদান আৰু ইয়াৰ বিৰুদ্ধে আইনী প্ৰত্যাহ্বান জনোৱাৰ পৰৱৰ্তী প্ৰক্ৰিয়াক লৈ এতিয়াও অসংখ্য পৰিয়াল অনিশ্চয়তাৰ মাজত আছে।

 

উন্মোচনী সভাত বক্তব্য ৰাখি লেখক বিকাশ সিঙে কয়, “অসমৰ এনআৰচি কেৱল এটা প্ৰশাসনিক প্ৰক্ৰিয়া বা ৰাজনৈতিক বিতৰ্কতেই সীমাবদ্ধ নাছিল। নথিপত্ৰ, পাৰিবাৰিক ইতিহাস আৰু চৰকাৰী তথ্য-প্ৰমাণৰ জৰিয়তে লাখ লাখ লোকে নিজৰ পৰিচয় প্ৰমাণ কৰিবলগীয়া হৈছিল আৰু সেই দাবীসমূহ পৰীক্ষা কৰিবলৈ এক বিশাল প্ৰতিষ্ঠানিক ব্যৱস্থা সক্ৰিয় হৈ পৰিছিল। এই সমগ্ৰ অভিজ্ঞতা ইয়াৰ মাজেৰে পাৰ হোৱা সাধাৰণ মানুহ, প্ৰক্ৰিয়াটো ৰূপায়ণ কৰা বিষয়া, ব্যয় হোৱা সম্পদ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণভাৱে অনুত্তৰিত হৈ ৰোৱা প্ৰশ্নসমূহ নথিভুক্ত কৰাটো মই জৰুৰী বুলি অনুভৱ কৰিছিলোঁ।” অসমৰ এনআৰচি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এনআৰচি বিতৰ্কৰ সুকীয়া ঐতিহাসিক তথা আইনী ভেটি থকা সত্ত্বেও দুয়োটাকে কিয় প্ৰায়ে একে দৃষ্টিৰে চোৱা হয়, সেয়া বুজি পোৱাটো প্ৰয়োজনীয় বুলি উল্লেখ কৰি তেওঁ কয় যে এই গ্ৰন্থখন শিৰোনামৰ বাহিৰলৈ গৈ গোটেই প্ৰক্ৰিয়াটোক সঠিক প্ৰেক্ষাপটত উপস্থাপন কৰাৰ এক প্ৰয়াস।

 

নেডফিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক পি ভি এছ এল এন মূৰ্তিয়ে কয় যে ২০১৯ চনৰ ৩১ আগষ্টত চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পাছত পৰৱৰ্তী বছৰবোৰত কোনো অৰ্থপূৰ্ণ অগ্ৰগতি নেদেখি এগৰাকী সাংবাদিকৰ মনত সৃষ্টি হোৱা বেদনা এই গ্ৰন্থখনত প্ৰতিফলিত হৈছে। গ্ৰন্থখনত উত্থাপিত বিষয় আৰু উদ্বেগসমূহ বুজিবলৈ তেওঁ পাঠকসকলক গ্ৰন্থখন পঢ়িবলৈ আহ্বান জনায়।

 

‘দ্য আছাম ট্ৰিবিউন’ৰ কাৰ্যবাহী সম্পাদক ৰামানুজ দত্ত চৌধুৰীয়ে মন্তব্য কৰে যে এখন বিশ্বাসযোগ্য এনআৰচি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ৰাজনৈতিক দলসমূহে নিৰন্তৰ আগ্ৰহ প্ৰদৰ্শন কৰা নাই; বৰং নিৰ্বাচনী সমীকৰণ আৰু ভোটবেংকৰ ৰাজনীতিয়ে বিষয়টোক ঢাকি পেলাইছে। তেওঁ আঙুলিয়াই দিয়ে যে ২০০৫ চনতে দুবছৰৰ ভিতৰত এনআৰচি উন্নীতকৰণ সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল যদিও প্ৰকৃত কাম এক দশক পলমকৈ ২০১৫ চনতহে আৰম্ভ হয়। বৰ্তমানৰ চৰকাৰেও প্ৰকাশিত এনআৰচিক লৈ অসন্তুষ্টি প্ৰকাশ কৰাত ইয়াৰ ভৱিষ্যৎ অধিক অনিশ্চিত হৈ পৰা বুলি তেওঁ উল্লেখ কৰে।

 

আনহাতে, এনআৰচি আন্দোলন আৰু ইয়াৰ পৰৱৰ্তী ৰূপায়ণৰ সৈতে নিজৰ ব্যক্তিগত অভিজ্ঞতা সোঁৱৰি অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া পল্লৱ ভট্টাচাৰ্যই কয় যে সেই আন্দোলনৰ সময়ত সমদলেৰে ৰাস্তা-ঘাট সঘনাই অৱৰুদ্ধ হৈ পৰিছিল আৰু ই মানুহৰ মনত বিপুল প্ৰত্যাশাৰ সৃষ্টি কৰিছিল। ২০১৮ আৰু ২০১৯ চনত আৰক্ষী সেৱাত থকা অৱস্থাত এনআৰচি উন্নীতকৰণৰ সময়ৰ উত্তেজনাপূৰ্ণ আৰু অনিশ্চিত পৰিৱেশৰ কথা স্মৰণ কৰি তেওঁ আইন-শৃংখলা বজাই ৰখা তথা স্পৰ্শকাতৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰে।

 

গ্ৰন্থখনৰ এটা গুৰুত্বপূৰ্ণ দিশ হৈছে অসমৰ এনআৰচি আৰু সৰ্বভাৰতীয় পৰ্যায়ত প্ৰস্তাৱিত এনআৰচিৰ মাজৰ পাৰ্থক্যৰ ব্যাখ্যা। অসমৰ এনআৰচি উন্নীতকৰণৰ ভেটি আছিল ১৯৮৫ চনৰ অসম চুক্তি, য’ত ৰাজ্যখনত নাগৰিকত্ব নিৰ্ধাৰণৰ সময়সীমা ১৯৭১ চনৰ ২৪ মাৰ্চ ধাৰ্য কৰা হৈছিল। ১৯৫৫ চনৰ নাগৰিকত্ব আইনৰ ধাৰা ৬(ক) আৰু ২০০৩ চনৰ নাগৰিকত্ব নিয়মাৱলীৰ ৪(ক) নিয়মৰ অধীনত এই বিশেষ প্ৰক্ৰিয়াই আইনী ভিত্তি লাভ কৰিছিল, য’ত আবেদনকাৰীসকলে ১৯৫১ চনৰ এনআৰচি বা ১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বৰ ভোটাৰ তালিকাৰ দৰে লিগেচী তথ্য আৰু বংশাৱলীৰ নথিপত্ৰৰে নিজৰ যোগ্যতা প্ৰমাণ কৰিবলগীয়া হৈছিল। ইয়াৰ বিপৰীতে নাগৰিকত্ব নিয়মাৱলীৰ ৪নং নিয়মৰ অধীনত ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী (এনপিআৰ) প্ৰস্তুত আৰু নাগৰিকত্ব পৰীক্ষণৰ সাধাৰণ কাঠামো সম্পূৰ্ণ পৃথক। সেয়েহে ৰাষ্ট্ৰীয় চৰ্চাত দুয়োটা প্ৰসংগ একেলগে আলোচিত হ’লেও ইয়াৰ আইনী আৰু প্ৰশাসনিক পটভূমি যে ভিন্ন, সেয়া গ্ৰন্থখনত স্পষ্টকৈ দাঙি ধৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোটবেংকৰ ৰাজনীতিত হেৰাল নেকি বিশ্বাসযোগ্য এনআৰচি? গুৱাহাটীত উন্মোচন বিকাশ সিঙৰ গ্ৰন্থ ‘হোৱাই ন’ ওৱান অ’নছ এনআৰচি’

ভোটবেংকৰ ৰাজনীতিত হেৰাল নেকি বিশ্বাসযোগ্য এনআৰচি? গুৱাহাটীত উন্মোচন বিকাশ সিঙৰ গ্ৰন্থ ‘হোৱাই ন’ ওৱান অ’নছ এনআৰচি’

November 29, 2026 9:47 pm
২২ গজৰ বাহিৰত নতুন ইনিংছ নেকি? টেষ্ট অৱসৰৰ পাছতে বিজেপি সভাপতি নিতিন নবীনক সাক্ষাৎ মহম্মদ ছামিৰ, ক্ৰীড়া মহলত তীব্ৰ জল্পনা

২২ গজৰ বাহিৰত নতুন ইনিংছ নেকি? টেষ্ট অৱসৰৰ পাছতে বিজেপি সভাপতি নিতিন নবীনক সাক্ষাৎ মহম্মদ ছামিৰ, ক্ৰীড়া মহলত তীব্ৰ জল্পনা

November 29, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd