NORTHEAST NOW (Assamese)
অসম

পুনৰ মৰেল পুলিচগিৰি! চুৰিৰ সন্দেহত লংকাত ব্যক্তিক মৰিয়াই হত্যা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 13, 2023 5:54 pm
man lynched to death

ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচগিৰিৰ ঘটনা। মৰেল পুলিচৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে এগৰাকী ব্যক্তিয়ে। এই ঘটনা সংঘটিত হৈছে লংকাত।

চুৰিৰ সন্দেহত ব্যক্তিগৰাকীক প্ৰহাৰ কৰি হত্যা কৰে একাংশ লোকে। আজি পুৱতি নিশা এই উদ্বেগজনক ঘটনা সংঘটিত হয়।

মৃত ব্যক্তিজনক হিপজুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে।

ইফালে ঘটনাৰ বিষয়ে জানিব পৰাৰ পিছত স্থানীয় আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয়।

অৱশ্যে, আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই গণপ্ৰহাৰত গুৰুতৰভাৱে আহত ব্যক্তিগৰাকীৰ মৃত্যু হয়।

এই চাঞ্চল্যকৰ ঘটনা সন্দৰ্ভত অসম আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে। ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে ছয়গৰাকী লোকক আটক কৰিছে।

ধৃত ব্যক্তিসকলক ক্ৰমে সঞ্জয় দাস, নিখিল দাস, তুলেন্দ্ৰ দাস, উত্তম চক্ৰৱৰ্তী, জয়ন্ত চক্ৰৱৰ্তী আৰু সান্ধু মজুমদাৰ বুলি চিনাক্ত কৰা হৈছে।