শিৱসাগৰত আলফা (স্বাধীন)ৰ লিংকমেনৰ সন্দেহত দুগৰাকীক আটক

কাইলৈ দেশৰ স্বাধীনতা দিৱস। পূৰ্বৰ দৰেই ৰাজ্যত স্বাধীনতা দিৱস বৰ্জনৰ আহ্বান জনাইছে নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বাধীন)- এ। এই ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ পৰিছে আৰক্ষী।
বিদ্ৰোহী সংগঠনটোৰ এনে আহ্বানৰ মাজতে স্বাধীনতা দিৱসৰ প্ৰাক:ক্ষণত আজি আৰক্ষীয়ে শিৱসাগৰ জিলাত আলফা (স্বাধীন)ৰ লিংকমেনৰ সন্দেহত দুই ব্যক্তিক আটক কৰে।
শিৱসাগৰ জিলাৰ ডিমৌৰ পৰা আৰক্ষীয়ে আটক কৰে দুইগৰাকী ব্যক্তিক। আলফা (স্বাধীন)- ৰ সৈতে জড়িত থকা বুলি লাভ কৰা চোৰাংচোৱা তথ্যৰ ভিত্তিত আৰক্ষীয়ে দুয়োকে আটক কৰা বুলি জানিবলৈ দিছে।
ধৃত ব্যক্তি দুগৰাকীৰ নাম দিব্যজ্যোতি চেতিয়া আৰু ৰাজু আহমেদ বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে দুয়োৰে পৰা কিছু নথি-পত্ৰ আৰু ফোন জব্দ কৰা বুলি সদৰী কৰিছে।
অৱশ্যে দুই ব্যক্তি আলফা (স্বাধীন)- ৰ সৈতে কেনেদৰে জড়িত আছিল সেই বিষয়ে কোনো বিশদ তথ্য আৰক্ষীয়ে এইপৰ্যন্ত প্ৰকাশ কৰা নাই।