NORTHEAST NOW (Assamese)
অসম

এখন অসম্পূৰ্ণ দলঙে জীয়াতু ভোগাইছে শ শ গাঁৱৰ বাসিন্দাক: অনতি পলমে সম্পূৰ্ণ কৰাৰ দাবী স্থানীয় ৰাইজৰ

Posted by: ইয়াছিন আলী Updated by: ইয়াছিন আলী December 1, 2020 11:37 am
IMG-20201201-WA0000

বঙাইগাঁও জিলাৰ ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰঘোলাত ৰাইজে যাতায়তৰ বাবে চৰম যমৰ যাতনাত ভূগিবলগা হৈছে।

যোৱা ২০১৪ চনত বৰঘোলা আই নৈৰ ওপৰত এখন দলঙৰ কাম আৰম্ভ কৰা হয়। বহু বিতৰ্কৰ পিছত দলংখনৰ কাম এক প্ৰকাৰ শেষ হোৱাৰ সময়তে বান পানীৰ ফলত প্ৰৱল গৰাখহনীয়াই দলংখনৰ পূব ফালে দি সুলকি দলং খন নদীৰ মাজত পৰে। তেতিয়াৰে পৰাই বন্ধ হৈ পৰে দলঙৰ বাকী থকা কাম।

এই গৰাখহনীয়াৰ ফলত আধৰুৱা হৈ থকা দলংখনৰ বাবে বৃহত্তৰ অঞ্চলৰ হাজাৰ হাজাৰ ৰাইজে চৰম শাস্তি ভোগ কৰিবলগীয়া হৈছে।

পূৰ্বৰে পৰাই যদিও এটা পাৰঘাটৰ ব্যৱস্থা আছে তাত সেই পাৰঘাটৰ অচিলাৰে নিয়ম বহিৰ্ভূতভাৱে মাচুল সংগ্ৰহ কৰি সাধাৰণ ৰাইজক হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে।

ইপিনে, পাৰাপাৰৰ বাবে বৰ্তমান নদীখনৰ কেইবা ঠাইত বাহৰ সাকোঁ নিৰ্মাণ কৰি দিছে আৰু তাৰ বাবদ ২০ৰ পৰা ৩০ টকাকৈ সংগ্ৰহ কৰি আছে।

সেইদৰে, কেইবা শতাধিক গাঁৱৰ ৰাইজৰ যন্ত্ৰণাৰ প্ৰতি কাণ সাৰ দিয়া নাই চৰকাৰ তথা কোনো জনপ্ৰতিনিধিয়ে।

বাঁহেৰে নিৰ্মাণ কৰি দিয়া সাকোঁৰে জীৱনটো হাতৰ মুঠিত লৈ বিপদসংকুল ভাৱে যাতায়ত কৰিব লগা হৈছে বিস্তৃত অঞ্চলৰ ৰাইজ।

বিভিন্ন সময়ত বহু কেইটা দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতো স্থানীয় বিধায়ক আব্দুল হাই নাগৰি বা সাংসদ আব্দুল খালেক তথা চৰকাৰে কোনো গুৰুত্ব দিয়া নাছিল।

জানিব পৰা মতে, পুনৰ দলং খন পূব ফালে বঢ়াই দিয়াৰ বাবে চৰকাৰে প্ৰায় ৩৫ কোটি টকা পুনৰ ধাৰ্য কৰিছে। কিন্তু সেয়া আকৌ কিমান বছৰত সমাপ্ত হ’ব সেই কথা কোনেও অনুমান কৰিব পৰা নাই।

স্থানীয় ৰাইজৰ চৰকাৰলৈ এটাই দাবী দলংখন সোনকালে সম্পূৰ্ণ কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়তৰ সুবিধা কৰি দিব লাগে।