NORTHEAST NOW (Assamese)
Popular Stories

ইতিহাস; এটাও বল নেখেলাকৈয়ে বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় মহিলা দলৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 5, 2020 12:44 pm
865754-742885-712498-596565-594852-592838-589638-india-women-s-cricket-team-pti

ইতিহাস সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰিছে ভাৰতৰ মহিলা ক্ৰিকেট দলটোৱে। ইয়াৰ পূৰ্বে মহিলা দলটোৱে ২০০৯, ২০১০ আৰু ২০১৮ত ছেমিফাইনেলত পৰাস্ত হৈছিল।

এতিয়া অহা ৮ মাৰ্চত ভাৰতীয় দলে গ্ৰুপ বিৰ শীৰ্ষত থকা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ফাইনেলত মুখামুখি হোৱাৰ সম্ভাৱনা আছে।

দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াৰ মাজত দ্বিতীয়খন ছেমিফাইনেল ছিডনীত আজি অনুষ্ঠিত হোৱাৰ কথা আছিল কিন্তু এতিয়াও বৰষুণৰ বাবে আৰম্ভ হোৱা নাই মেচখন।

আই চি চিয়ে ছেমি ফাইনেল আৰু ফাইনেলৰ বাবে কোনো ধৰণৰ সংৰক্ষিত দিনৰ ব্যৱস্থা কৰা নাছিল। সংস্থাটোৱে পূৰ্বতে স্পষ্ট কৰি থৈছিল যে যদি বৰষুণে মেচত বাধা দিয়ে তেন্তে গ্ৰুপৰ শীৰ্ষত থকা দলটোৱে ফাইনেলত প্ৰৱেশ কৰিব।

সেই অনুসৰি আজি বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱাৰ কথা আছিল। কিন্তু বৰষুণৰ বাবে মেচখন নোহোৱাত ভাৰতক জয়ী হিচাপে ঘোষণা কৰা হয়।

ভাৰতে গ্ৰুপ এৰ আটাইকেইখন মেচ জয়ী হৈ ৮ পইণ্টেৰে তালিকাৰ শীৰ্ষত আছিল। ইফালে গ্ৰুপ বিৰ পইণ্ট তালিকাত দ্বিতীয় স্থানত আছিল ইংলেণ্ড।

উল্লেখ্য যে আজিৰ মেচখনত ভাৰতৰ তুলনাত ইংলেণ্ডকে ফেভাৰিট হিচাপে আখ্যা দিছিল বিশেষজ্ঞসকলে। ২০১৮ চনতো ছেমি ফাইনেলত ভাৰত সন্মুখীন হৈছিল ইংলেণ্ডৰ বিৰুদ্ধে, য’ত ভাৰত বেয়াকৈ পৰাস্ত হৈছিল।

আজিৰ মেচখনক বাদ দি বিশ্বকাপত ভাৰতে পাচঁবাৰ ইংলেণ্ডৰ বিৰুদ্ধে মুখামুখি হৈছিল আৰু প্ৰতিবাৰেই বেয়াকৈ পৰাস্ত হৈছিল ভাৰত।

ইফালে অহা ৮ মাৰ্চত হ’ব লগীয়া প্ৰতিযোগিতাৰ ফাইনেল মেচখনো যদি বৰষুণৰ বাবে নহয় তেন্তে দুয়োটা দলকে যুটীয়াভাৱে বিজয়ী ঘোষণা কৰা হ’ব।