NORTHEAST NOW (Assamese)
অসম

ভাৰতক ‘হিন্দু ৰাষ্ট্ৰ’ কৰাৰ শপত বিজেপি বিধায়কৰ; ক’লে কি ত্যাগৰ কথা?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2022 9:28 am

হাৰিয়ানাৰ আম্বালাৰ বিজেপি বিধায়ক অসীম গোৱেলৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে। তাত দেখা গৈছে বিধায়কগৰাকীয়ে মঞ্চৰ পৰা বহুলোকৰ সৈতে মিলি ভাৰতক হিন্দু ৰাষ্ট্ৰ কৰি গঢ়ি তোলাৰ শপত লৈছে।

এপিনে ভাৰতক হিন্দু ৰাষ্ট্ৰ নিৰ্মাণৰ শপত লোৱা হৈছে আৰু আনপিনে বিধায়ককে ধৰি বহুতেই এই কামৰ বাবে যিকোনো ধৰণৰ ত্যাগ স্বীকাৰ কৰাৰো শপত লৈছে। এইদৰে শপত লোৱা সকলৰ ভিতৰত আছিল সুদৰ্শন নিউজ চেনেলৰ মুখ্য সম্পাদক সুৰেশ ছাভাংকেও। তেওঁৱেই সকলোকে শপতবাক্য পাঠ কৰোৱাইছিল।

বিজেপি বিধায়ক অসীম গোৱেলে কয় যে এই শপত প্ৰায় ৪০০বছৰ পূৰ্বে ছত্ৰপতি শিবাজীয়ে লৈছিল। তাত কোৱা হৈছিল যে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ।

এটা বিবৃতি যোগে বিধায়কগৰাকীয়ে কয় যে দেশৰ নাগৰিক যিকোনো ধৰ্মৰ নাগৰিকেই নহওক কিয়, তেওঁ আচলতে হিন্দু।

বিধায়ক গোৱেলে লগতে কয় যে যদি ভাৰতৰ প্ৰতি শ্ৰদ্ধা থাকে তেন্তে ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ মানুহো একোগৰাকী হিন্দু। তেওঁৰ কথাত যদি ধৰ্মৰ নামত বিভাজন হৈছে, তেনেহ’লে দেশত ধৰ্মৰ নামত সংঘৰ্ষ কিয়? তেওঁ কয় যে আজি দীপাৱলি আৰু ৰাম নৱমীত শিল নিক্ষেপ কৰা হৈছে।  

বিধায়ক গোৱেলে কয় যে ইয়াত যিসকলে থাকিব বিচাৰে তেওঁলোকে হিন্দু ৰাষ্ট্ৰ অনুসৰি ভাৰতীয় হিচাপে ইয়াত থাকিব পাৰিব। তেওঁ লগতে শপতত বলিদান প্ৰসংগত কয় যে ইয়াত বলিৰ অৰ্থ শিৰচ্ছেদ কৰা নহয়, সম্পদ দি সাহায্য কৰাহে।