NORTHEAST NOW (Assamese)
Popular Stories

আৱৰ্ত ভৱনতে কামুৰিলে এন্দুৰে; হাস্পাতালত ভৰ্তি উত্তৰ প্ৰদেশৰ মন্ত্ৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 3, 2022 10:15 am

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নিৰ্দেশত জিলাৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ গৈ এন্দুৰৰ কামোৰ খাব লগা হ’ল উত্তৰ প্ৰদেশৰ এগৰাকী মন্ত্ৰীয়ে। ৰাজ্যৰ অৱস্থা চাবলৈ গৈ নিজৰ এনে অভিজ্ঞতাৰ কথা সপোনতো ভাৱিব পৰা নাছিল মন্ত্ৰী গিৰীশ চন্দ্ৰ যাদবে।

বাতৰি অনুসৰি, ৰাজ্যখনৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰীগৰাকীক মাওৱাই বাইপাছৰ কাষত থকা আৱৰ্ত ভৱনত এন্দুৰে কামুৰে। আৱৰ্ত ভৱনত শেষ নিশা তেওঁ হঠাতে কিবা এটাই হাতত কামোৰা বুলি গম পায়। লগে লগে তেওঁৰ জিলাৰ হাস্পাতাললৈ লৈ যোৱা হয়।

চিকিৎসকে জানিবলৈ দিয়া মতে পৰীক্ষা কৰি তেওঁৰ সোঁহাতত এন্দুৰ জাতীয় কিবা প্ৰাণীয়ে কামোৰা দাগ দেখা পায়। আৱৰ্ত ভৱনটো জংঘলৰ কাষত থকা বাবে মন্ত্ৰীগৰাকীয়ে কোনো বিষাক্ত পোকে কামোৰা বুলি শংকিত হৈ পৰিছিল যদিও তেওঁ বিপদমুক্ত বুলি কোৱা হৈছে।

লগতে পঢ়ক: ভাৰতক ‘হিন্দু ৰাষ্ট্ৰ’ কৰাৰ শপত বিজেপি বিধায়কৰ; ক’লে কি ত্যাগৰ কথা?

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মন্ত্ৰীগৰাকীয়ে বান্দা ভ্ৰমণলৈ গৈছিল। তৃণমূল পৰ্যায়ত চৰকাৰী কামকাজৰ খতিয়ান লোৱাৰ উদ্দেশ্যে যাদৱ তালৈ গৈছিল। মুখ্যমন্ত্ৰী মন্ত্ৰীসকলক নিৰ্দেশ দিছিল যে কোনো মন্ত্ৰীয়ে জিলা ভ্ৰমণলৈ গ’লে কোনো কাৰণতে যাতে হোটেলত নাথাকে। চৰকাৰী কামত গৈ চৰকাৰী নিৱাস, আৱৰ্ত ভৱনতেই থাকিব লাগে। মুখ্যমন্ত্ৰীৰ এনে নিৰ্দেশ মানিবলৈ গৈয়েই এই বিপত্তিৰ সন্মুখীন হ’ল মন্ত্ৰী!