NORTHEAST NOW (Assamese)
অসম

১ এপ্ৰিলৰ পৰা ১৫টা ৰাজহুৱা বেংকহে থাকিব দেশত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 5, 2020 5:29 pm
Police nab three for opening fake SBI branch in Cuddalore, Tamil Nadu

১৫টা ৰাজহুৱা খণ্ডৰ বেংকহে অহা এক এপ্ৰিলৰ পৰা ভাৰতত থাকিব।

বৰ্তমানৰ ২১টা ৰাজহুৱা খণ্ডৰ বেংকৰ ১০টাক একত্ৰীকৰণেৰে চাৰিটাৰ বৃহৎ বেংকত পৰিণত কৰা হ’ব।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে বুধবাৰে এই বেংক একত্ৰীকৰণৰ সিদ্ধান্তত অনুমোদন জনাইছে:

(ক) অ’ৰিয়েণ্টেল বেংক অৱ কমাৰ্চ আৰু ইউনাইটেড বেংক অৱ ইণ্ডিয়াক পঞ্জাৱ নেচনেল বেংকৰ সৈতে

(খ) ছিণ্ডিকেট বেংকক কানাড়া বেংকৰ সৈতে

(গ) অন্ধ্ৰ বেংক আৰু কৰ্পৰেচন বেংকক ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ সৈতে

(ঘ) এলাহাবাদ বেংকক ইণ্ডিয়ান বেংকৰ সৈতে।

এক এপ্ৰিলৰ পৰা কাৰ্য্যকৰী হ’ব লগা এই সিদ্ধান্তৰ ফলত দেশত ষ্টেট বেংক অৱ ইণ্ডিয়াকে ধৰি সাতটা বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক গঠন হ’ব।

কেৱল এই সাতটা বেংকৰ মুঠ ব্যৱসায় আঠ লাখ কোটি টকাতকৈ অধিক হ’ব।

“এই বৃহৎ একত্ৰীকৰণে বিশ্বজোৰা বেংকৰ সৈতে তুলনা কৰিব পৰা আৰু ভাৰত আৰু বিশ্বত কাৰ্য্যকৰীভাৱে প্ৰতিযোগিতা কৰাত সক্ষম বেংক সৃষ্টি কৰিব,” পি আই বিৰ বিবৃতিত প্ৰকাশ।

বেংক একত্ৰীকৰণ বেংকসমূহৰ মাজত প্ৰতিযোগিতা বঢ়োৱাত সহায়ক হ’ব বুলি উল্লেখ কৰি দেশৰ বিত্ত মন্ত্ৰ্যালয়ে কয় যে ই ভাৰতীয় বেংক ব্যৱস্থাত ধনাত্মক প্ৰভাৱ পেলাব।

বেংক একত্ৰীকৰণৰ পিছতো এছ বি আয়ে দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক হৈ থাকিব। পঞ্জাৱ নেচনেল বেংক হ’ব দ্বিতীয় বৃহৎ ৰাজহুৱা বেংক।

দেশৰ ৰাজহুৱা বেংকসমূহৰ সম্পূৰ্ণ তালিকাৰ বাবে ইয়াত ক্লিক কৰক।