NORTHEAST NOW (Assamese)
অসম

ফোন বেচাৰ আগতে এইকেইটা কাম কৰিবলৈ ভুলতো নাপাহৰিব

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 5, 2020 8:56 pm
Don't forget to do these things before selling your smartphone

পুৰণা স্মাৰ্টফোন এটা বেচাটো তেনেই সহজ, কিন্তু ই কেতিয়াবা আপোনাৰ বাবে বিপদজনকো হ’ব পাৰে।

বহুলোকে কেৱল নিজৰ ছিম আৰু এছ ডি কাৰ্ডখনহে পুৰণা ফোনটোৰ পৰা উলিয়াই ৰাখে।

বহুতে নিজৰ একাউণ্টসমূহ লগ আউট কৰিবলৈ পাহৰি যায়, ফলত ফোনটোত থকা ডেটাখিনি বেলেগৰ হাতত পৰাৰ সম্ভাৱনা থাকে।

সেয়ে আমি আপোনালৈ আগবঢ়াইছো তলৰ টিপছ কেইটা:

  1. ফোনটোত থকা চ’চিয়েল মিডিয়া এপ যেনে—ফে’চবুক, টুইটাৰ আদিৰ পৰা লগ আউট কৰক। তাৰ পিছতে ফোনটোৰ ছেটিঙত গৈ ফেক্তৰি ছেটিং ৰিছেট কৰক। তাৰ পিছত সকলো ডেটা ডিলিট কৰি দিয়ক।
  2. ফোন এটা বিক্ৰী কৰাৰ আগতে আপোনাৰ প্ৰয়োজনীয় ডেটাখিনিৰ বেক আপ ৰাখক। তাৰ বাবে ছেটিঙলৈ গৈ বেক আপ অপচন বাচি লওক। ডেটাসমূহ আপুনি গুগল ড্ৰাইভত সাঁচি থ’ব পাৰে।
  3. ফোনটো বেচাৰ আগতে আপোনাৰ গুগল একাউণ্টৰ পৰা লগ আউট কৰাটো কেতিয়াও নাপাহৰিব। তাৰ বাবে আপুনি ছেটিঙলৈ গৈ “ৰিমুভ” অপচন বাচি ল’ব।
  4. ফোনটো বেচাৰ আগতে ছেভ হৈ থকা পাছৱৰ্ডসমূহ আঁতৰ কৰাটো খুবেই গুৰুত্বপূৰ্ণ। তাৰ বাবে আপুনি ফোনত থকা ব্ৰাউজাৰলৈ গৈ আপোনাৰ বিভিন্ন পাছৱৰ্ডসমূহ আঁতৰ কৰাৰ অপচন বাচি ল’ব পাৰে।