NORTHEAST NOW (Assamese)
অসম

ক্ৰিকেট পুনৰ আৰম্ভ কৰা সন্দৰ্ভত আই চি চিৰ নিৰ্দেশনাক অস্বাভাৱিক আখ্যা ৰাহুল দ্ৰাবিড়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2020 9:38 am
ক্ৰিকেট পুনৰ আৰম্ভ কৰা সন্দৰ্ভত আই চি চিৰ নিৰ্দেশনাক অস্বাভাৱিক আখ্যা ৰাহুল দ্ৰাবিড়ৰ

ক’ৰ’নাৰ সংক্ৰমণৰ সময়ত ক্ৰিকেট পুনৰ আৰম্ভ কৰা সন্দৰ্ভত আই চি চিৰ নিৰ্দেশনাক অস্বাভাৱিক আখ্যা দিছে প্ৰাক্তন ভাৰতীয় তাৰকা ক্ৰিকেটাৰ ৰাহুল দ্ৰাবিড়ে।

ক্ৰিকেট পুনৰ আৰম্ভ কৰাৰ সন্দৰ্ভত আই চি চিয়ে পৰিকল্পনা কৰা জৈৱ সুৰক্ষামূলক ব্যৱস্থাক অস্বাভাৱিক বুলি কয় প্ৰাক্তন ভাৰতীয় খেলুৱৈ গৰাকীয়ে।

‘‘শেহতীয়া নিৰ্দেশনা অনুসৰি টেষ্টিং, কোৱাৰেণ্টাইন সকলো কৰা হ’ল কিন্তু টেষ্ট ক্ৰিকেটৰ দ্বিতীয় দিনটোত যদি এগৰাকী ক্ৰিকেটাৰ পজিটিভ পোৱা যায় তেন্তে পৰৱৰ্তী সময়ত কি হ’ব?’’ দ্ৰাবিড়ে প্ৰশ্ন কৰে।

টেষ্ট খেলৰ মাজতে এগৰাকী ক্ৰিকেটাৰক পজিটিভ পালে খেলখন সমাপ্ত ঘোষণা কৰা হ’ব নে সম্পুৰ্ণ শৃংখলাটো বাতিল কৰা হ’ব বুলিও দ্ৰাবিড়ে প্ৰশ্ন কৰে।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত সমগ্ৰ বিশ্বত ক্ৰীড়া প্ৰতিযোগিতা সমূহ বন্ধ হৈ আছে।

আই চি চিয়ে ক্ৰিকেট পুনৰ আৰম্ভ কৰাৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছিল।

আই চি চিৰ নিৰ্দেশনা অনুসৰি খেলুৱৈ সকলে কোনো শৃংখলা অনুষ্ঠিত হোৱাৰ পূৰ্বে ১৪ দিন কোৱাৰেণ্টাইনত থাকিব লাগিব, ক’ৰ’নাৰ টেষ্টিং কৰিব লাগিব আৰু বলত কোনোধৰণৰ থু আদি লগাব নোৱাৰিব বুলি কোৱা হৈছে।