NORTHEAST NOW (Assamese)
Popular Stories

টুইটাৰে সকিয়ালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2020 10:31 am

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে টুইটাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বাতৰিয়ে এতিয়া সৰ্বত্ৰে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে।

মঙলবাৰে টুইটাৰে ট্ৰাম্পৰ দুটা টুইটত ফ্লেগ কৰি ৱাৰ্নিং ফ্ৰেজ লগাই দিছে। আপত্তিজনক বা মিছা তথ্যৰে সমৃদ্ধ টুইটত এই ৱাৰ্নিং ফ্ৰেজ লগাই য’ত টুইটোৰ তলত ফেক্ট পেজটো সংযুক্ত কৰি দিয়া হয়।

বিশ্বৰ সবাটোকৈ শক্তিশালী দেশ আমেৰিকাৰ ৰাষ্ট্ৰপতিক টুইটাৰে সকিয়নী প্ৰদান কৰা এইটোৱেই প্ৰথম ঘটনা।

বিগত কিছুদিনৰ পৰা ক’ৰ’না ভাইৰাছৰ বাবে দেশত এক লাখৰো অধিক লোকে প্ৰাণ হেৰুওৱাক কেন্দ্ৰ কৰি ৰাষ্ট্ৰপতি গৰাকী তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে।

ক’ৰ’না সংকটৰ সময়তে ছ’চিয়েল মিডিয়াৰ পৰা অহা এনে সকিয়নী স্বাভাৱিকতে ট্ৰাম্পৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।

টুইটাৰে গ্ৰহণ কৰা এই সিদ্ধান্তক ট্ৰাম্পে উভতি ধৰি কৈছে যে টুইটাৰে আমেৰিকা নিৰ্বাচনত দখল দিয়াৰ চেষ্টা চলাইছে।

উল্লেখ্য যে চলিত বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। সেয়ে বৰ্তমানৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ লগতে বিৰোধীয়ে ভোটাৰ সকলক আকৃষ্ট কৰাৰ নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে।