NORTHEAST NOW (Assamese)
অসম

ভাৰতত ক’ৰ’না আক্ৰান্তৰ ৪২.৪৫ শতাংশ আৰোগ্য; মুঠ আক্ৰান্তৰ সংখ্যা ১.৫ লাখ অতিক্ৰম

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 27, 2020 10:42 am
কৰনা

ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ডেৰ লাখ অতিক্ৰম কৰিছে বুলি বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰে।

কেন্দ্ৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি ভাৰতত বৰ্তমানলৈ ১,৫১,৭৬৭ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

বিগত ২৪ ঘণ্টাত দেশত দেশত নতুনকৈ ৬,৩৮৭ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

আনহাতে, ভাৰতত বৰ্তমানলৈ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ৪,৩৩৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

মহাৰাষ্ট্ৰতে বিগত ২৪ ঘণ্টাত ১০০ গৰাকী লোকৰ মৃত্যু হৈছে।

সুখবৰ এয়ে যে দেশত এতিয়ালৈ ৬৪,৪২৬ গৰাকী লোক চিকিৎসাৰ অন্তত সম্পূৰ্ণৰূপে সুস্থ হৈ চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰিছে।

ভাৰতত আৰোগ্য লাভৰ হাৰ মুঠ আক্ৰান্ত সংখ্যাৰ ৪২.৪৫ শতাংশ।

ভাৰতৰ ২৩ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ক’ৰ’নাৰ সংক্ৰমণৰ বাবে বিভিন্ন লোকে মৃত্যুক আকোৱালি ল’বলগীয়া হৈছে।

ভাৰতৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক সংখ্যক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত প্ৰায় ৫৫,০০০ লোক ক’ৰ’না আক্ৰান্ত হৈছে।

৩১ মে’ত দেশত চতুৰ্থ পৰ্যায়ৰ ল’কডাউনৰ সামৰণি পৰিব। দেশত ক’ৰ’নাৰ বৰ্ধিত সংক্ৰমণৰ সময়ত চৰকাৰৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব সেয়া লক্ষ্যণীয় হ’ব।