NORTHEAST NOW (Assamese)
অসম

পুনৰ অসুস্থ অখিল গগৈ; চিকিৎসাৰ বাবে অনা হৈছে জি এম চি এইচলৈ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 6, 2020 11:29 am
3434decd-0f57-459a-8505-c973c16be05d

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা কাৰাবন্দী কৃষক নেতা অখিল গগৈক আজি উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ অনা হৈছে।

জানিব পৰা মতে জেইল কৰ্তৃপক্ষই পুৱা প্ৰায় ৯.৩০ মান বজাত তেওঁক জি এম চি এইচলৈ লৈ আনে। বৰ্তমান চিকিৎসকৰ এটা দলে অখিলৰ চিকিৎসা কৰি আছে বুলি জানিব পৰা গৈছে।

ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হৈ থকা অখিল গগৈ বিগত ৫ দিন ধৰি কাৰাগাৰৰ ভিতৰতে চিকিৎসাধীন হৈ আছিল।

ইয়াৰ পূৰ্বেও অসুস্থ অখিল গগৈৰ শৰীৰৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ অহা হৈছিল।

জানিব পৰা মতে প্ৰচণ্ড পেটৰ বিষ, জ্বৰ, প্ৰসাৱৰ সমস্যা আৰু পিঠিৰ বিষত আক্ৰান্ত কৃষক নেতা অখিল গগৈৰ উন্নত চিকিৎসাৰ বাবে বিভিন্ন দল-সংগঠনে দাবী জনাই আহিছিল।

যোৱা ২৯ ফেব্ৰুৱাৰিৰ পৰা কাৰাগাৰৰ ভিতৰতে শয্যাগত হৈ আছিল অখিল।

ইফালে চিকিৎসালয়ত আজি কৃষক নেতাগৰাকীক সাক্ষাৎ কৰে সংগীত শিল্পী তথা কা বিৰোধী আন্দোলনৰ অন্যতম নেতা মানস ৰবীনে।