NORTHEAST NOW (Assamese)
অসম

মগজুৰ জটিল ৰোগত আক্ৰান্ত চামগুৰিৰ এগৰাকী কণমানি; স্বাস্থ্য মন্ত্ৰীৰ লগতে অসমবাসীৰ সহায় আহ্বান

Posted by: ভাৰ্গৱ হাজৰিকা Updated by: ভাৰ্গৱ হাজৰিকা March 6, 2020 2:42 pm
Samaguri story

পখিলা খেদা বয়সৰ এজনী কণমানিৰ চকুৰ সন্মুখত ক্ৰমশঃ ধূসৰহৈ পৰিছে চৌপাশৰ ৰঙীণ পৃথিৱীখন। কণমানি জনীৰ তিৰবিৰাই থকা চকু হালৰ বাওঁ চকুটো এতিয়া বিকলহৈ যোৱাৰ উপক্ৰম ঘটিছে। অতি কম বয়সতে জীৱনলৈ চৰম বিপত্তি নামি অহা কণমানি জনীৰ ঘৰ চামগুৰিৰ পদুমণিত।

কৃস্তি দেৱী নামৰ কণমানি জনী পুৰণিগুদাম শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী।

কিন্তু চলিত বছৰত বিদ্যালয়ৰ পদুলি গছকিবলৈও অপাৰগ হৈ পৰিছে মেধাৱী ছাত্ৰী কৃস্তিয়ে। মগজুৰ এটি জটিল ৰোগত আক্ৰান্ত হৈছে কৃস্তি। যাৰ বাবে এতিয়া চৰম ধুমুহা নামি আহিছে তাইৰ জীৱনলৈ লগতে তাইৰ দৰিদ্ৰ পৰিয়ালটোলৈ।

কেইমাহমান পূৰ্বৰে পৰা কৃস্তিয়ে সন্মুখীন হৈ অহা এটা বিশেষ স্বাস্থ্যজনিত অসুবিধাৰ বিষয়ে পৰিয়ালৰ লোকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাত তাই জটিল ৰোগত আক্ৰান্ত হোৱাৰ কথা জানিবলৈ পাৰে।

কৃস্তিক আৰোগ্য কৰি তোলাৰ বাবে অতি শীঘ্ৰে এটি জটিল অস্ত্ৰোপচাৰ কৰাৰ বাবে চিকিৎসকে পৰামৰ্শ প্ৰদান কৰে যদিও দৰিদ্ৰ পৰিয়ালটোৰ বাবে সেই চিকিৎসা ব্যয় বহন কৰাটো প্ৰায় অসম্ভৱ হৈ পৰিছে।

চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যয় যথা সময়ত যুগুত কৰিব নোৱাৰি এতিয়া চৰম বিপাঙত পৰিছে দৰিদ্ৰ পৰিয়ালটোৰ প্ৰতিগৰাকী সদস্য।

দুৰ্ভগীয়া পৰিয়ালটোৱে উপায়হীন হৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসমবাসী ৰাইজক হাতজোৰ কৰি সহায় ভিক্ষা মাগিছে।

উল্লেখযোগ্য যে, ৰোগ আক্ৰান্ত কণমানি কৃস্তিৰ মাতৃ অনিমা দেৱীৰ নামত থকা নগাঁও চহৰৰ ইউ.বি.আই-ৰ শাখাত থকা ০০৩১০১৩০৯৭৫৪৮ নম্বৰ একাউণ্টত ইচ্ছুক সদাশয় ব্যক্তিয়ে পাৰ্য্যমানে আৰ্থিক সাহায্য প্ৰদান কৰি কণমানি জনীক জীৱন দান কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে কাতৰ অনুৰোধ জনাইছে মাতৃৰ লগতে পদুমণিৰ স্থানীয় ৰাইজে।