NORTHEAST NOW (Assamese)
অসম

ইউক্ৰেইন জয়ৰ দায়িত্ব বায়ুসেনাক দিলে পুটিনে; আক্ৰমণ আৰম্ভ কৰিলে নতুন ৰুছ যুদ্ধ বিমানে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 9, 2022 7:32 am

Russia appoints the air force general স্থলসেনাৰ দ্বাৰা আৰু নহয়, এইবাৰ ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ বাহিনীক নেতৃত্ব দিব বায়ুসেনাই। ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ চৰকাৰে শনিবাৰে এই সিদ্ধান্ত লৈছে। দেশখনৰ চৰকাৰী সংবাদ মাধ্যমৰ মতে ইউক্ৰেইনৰ যুদ্ধত জড়িত ৰাছিয়ান বাহিনীৰ সামগ্ৰিক পৰিচালনাৰ দায়িত্ব বায়ুসেনাৰ মুৰব্বী ছেৰ্গেই সুৰোভিকিনক দিয়া হৈছে।

উল্লেখযোগ্য যে চলিত সপ্তাহতে ৰাছিয়াৰ বায়ুসেনাই ইউক্ৰেইন যুদ্ধত ইয়াৰ শেহতীয়া অত্যাধুনিক যুঁজাৰু বিমান চুখোই-৩৫এছ ব্যৱহাৰ কৰা আৰম্ভ কৰে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে পঞ্চম প্ৰজন্মৰ এই যুঁজাৰু বিমানে নিৰ্ভুল লক্ষ্যত আক্ৰমণ চলোৱাৰ লগতে শত্ৰুৰ ৰাডাৰৰ নিৰীক্ষণৰ পৰাও যথেষ্ট  হাত সাৰি চলিব পাৰে।

লগতে পঢ়ক: অশোভনীয় আচৰণৰ অভিযোগত অপসাৰিত ব্ৰিটেইনৰ বাণিজ্য মন্ত্ৰী

যোৱা এমাহত উত্তৰ ইউক্ৰেইনৰ খাৰকিভ, দক্ষিণৰ খেৰচন আৰু ডনবাছ (ডনেটস্ক আৰু লুহানস্ক অঞ্চল) ভলোডিমিৰ জেলেনস্কিৰ বাহিনীৰ প্ৰতিৰোধৰ ফলত ৰাছিয়াৰ সেনাৰ হাতৰ পৰা ওলাই গৈছে। ইউক্ৰেইনৰ সেনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা দিয়া জেভলিন মিছাইলৰ দ্বাৰা ৰাছিয়াৰ টেংক বহৰক প্ৰায় বিধ্বস্ত কৰিছে। ইয়াৰ লগতে তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্থলযুদ্ধত ব্যৱহাৰ কৰা আন এটা মিছাইল ‘হাই মোবিলিটি আৰ্টিলাৰী ৰকেট চিষ্টেম’ (হিমাৰ্ছ) ব্যৱহাৰ কৰিও সফলতা পাইছে।

এনে পৰিস্থিতিত পুটিনে চাৰিটা অধিকৃত অঞ্চলত গণভোট অনুষ্ঠিত কৰি তেওঁলোকক ৰাছিয়াৰ ভূখণ্ডৰ সৈতে সংযোগ কৰাৰ কথা ঘোষণা কৰিছে। অৱশ্যে তাৰপিছতো যুদ্ধৰ “গতি” সলনি হোৱা নাই। ইয়াৰ বিপৰীতে সেনাত যোগদানৰ অভিযান আৰম্ভ কৰাৰ পিছত ৰাছিয়াৰ যুৱকৰ এটা অংশ দেশ ত্যাগ কৰিবলৈ তৎপৰ হয়।

লগতে পঢ়ক: পুত্ৰক ‘;বিবাহ বিচ্ছেদ’ দিব বিচাৰিছিল বোৱাৰীয়েকে; খঙতে বোৱাৰীক গুলীয়াই মাৰিলে আমেৰিকাৰ ভাৰতীয় বৃদ্ধই

সামৰিক পৰ্যবেক্ষকৰ একাংশই বিশ্বাস কৰে যে পুটিনে এইবাৰ ইউক্ৰেইন আক্ৰমণ কৰিবলৈ আকাশীপথৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আছে।