NORTHEAST NOW (Assamese)
অসম

অসম বাজেট ২০২০-২১ Live Updates; স্বয়ম আঁচনি, ৰাজ্যৰ ২,০০,০০০ যুৱক-যুৱতীলৈ ৫০,০০০ কৈ টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 6, 2020 3:16 pm
Himanta

ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি অসম বিধান সভাত ২০২০-২১ বৰ্ষৰ বিত্তীয় বাজেট উত্থাপন কৰে।

‘‘বাজেট উত্থাপন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বামী বিবেকানন্দ যুৱ সবলীকৰণ যোজনা’’(স্বয়ম) নামৰ এখন নতুন আঁচনিৰ কথা ঘোষণা কৰে।

এই আচনিখনৰ দ্বাৰা আত্মসহায়ক গোটৰ ধাৰণাৰে ৰাজ্যৰ যুৱক-যুৱতী সকলক অৰ্থনৈতিকভাৱে সবলীকৰণৰ চেষ্টা কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে কয়।

এই আঁচনিৰ জৰিয়তে ৰাজ্যৰ ২,০০,০০০ যুৱক-যুৱতীক সামৰি লোৱা হ’ব আৰু তেওঁলোকৰ দ্বাৰা গঠিত প্ৰতিজন সদস্যৰ বিপৰীতে ৰাজ্য চৰকাৰে ৫০,০০০ টকাকৈ মূলধন আগবঢ়াব যাতে তেওঁলোকে উদ্যমিতামূলক কাম-কাজ আৰম্ভ কৰিব পাৰে।

স্বয়ম আঁচনিখনৰ অধীনত গঠন হ’বলগীয়া যুৱ গোটসমূহে মেকানিক শ্বপ, ম’বাইল ৰিচাৰ্জ আৰু ইলেক্ট্ৰিক ষ্টোৰ, টেণ্ট হাউচ আদিৰ দৰে ক্ষুদ্ৰ ব্যৱসায়সমূহ আৰম্ভ কৰিবলৈ সক্ষম হোৱাৰ লগতে এই গোট সমূহে গাঁও অঞ্চলত সৰু-সুৰা ঠিকা-ঠুকুলিৰো কাম কৰিবলৈ সক্ষম হ’ব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়।

স্বয়ম আঁচনিখন ৰূপায়নৰ বাবে ৰাজ্য চৰকাৰে ১,০০০ কোটি টকাৰ পুঁজি ধাৰ্য্য কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে বুলি মন্ত্ৰী গৰাকীয়ে কয়।