NORTHEAST NOW (Assamese)
অসম

ক’ভিড-১৯ৰ বাবে ২০২১ৰ জুনলৈকে পিছুৱাই দিয়া হ’ল এছিয়া কাপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2020 10:15 am
ক’ভিড-১৯ৰ বাবে ২০২১ৰ জুনলৈকে পিছুৱাই দিয়া হ’ল এছিয়া কাপ

ক’ৰ’নাৰ আতংকৰ প্ৰতি লক্ষ্য ৰাখি চলিত বছৰৰ ছেপ্তেম্বৰত অনুষ্ঠিত হ’ব লগীয়া এছিয়া কাপ অহা বছৰৰ জুনলৈকে পিছুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে এছিয়া ক্ৰিকেট পৰিষদে।

বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাগংগুলীয়ে এদিন পূৰ্বে অৰ্থাৎ বুধবাৰে এছিয়া কাপ স্থগিত হোৱাৰ কথা ৰাজহুৱা কৰিছিল।

উল্লেখ্য যে, ৬ দেশীয় এছিয়া কাপ এইবাৰ পাকিস্তানত হোৱাৰ কথা আছিল।

কিন্তু ভাৰতৰ আপত্তিৰ বাবে প্ৰতিযোগিতাখন সংযুক্ত আৰৱ আমিৰশ্বাহীৰলৈ স্থানান্তৰ কৰা হ’ব বুলিও খবৰ ওলাইছিল।

ইফালে ক’ৰ’নাতংকৰ বাবে অক্টোবৰ-নৱেম্বৰত অনুষ্ঠিত হ’ব লগীয়া অষ্ট্ৰেলিয়া টি-২০ বিশ্বকাপো অনিশ্চিত হৈ পৰিছে।

যদি টি-২০ বিশ্বকাপ অনুষ্ঠিত নহয় তেনে উক্ত সময়ছোৱাতে বি চি চি আইয়ে চলিত বৰ্ষৰ আই পি এল আয়োজনৰ বাবে চিন্তা চৰ্চা কৰাৰ খবৰো এক সূত্ৰত প্ৰকাশ পাইছে।

এছিয়া কাপ স্থগিত কৰাৰ সন্দৰ্ভত এছিয়ান ক্ৰিকেট পৰিষদে টুইটযোগে কয়, ‍‘ক’ভডি-১৯ মহামাৰীৰ সন্দৰ্ভত বহু চিন্তা-চৰ্চা কৰাৰ পিছত ছেপ্তেম্বৰত অনুষ্ঠিত হ’বলগীয়া এছিয়া কাপ ২০২১ৰ জুনলৈকে পিছুৱাই দিয়াৰ সিদ্ধান্ত লৈছো’।