NORTHEAST NOW (Assamese)
অসম

আজৱ কাণ্ড: সৎকাৰ কৰাৰ তিনিদিন পাছত ‘জী’ উঠিল কৰ’নাত মৃত ব্যক্তি!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 10, 2020 10:22 am
WhatsApp Image 2020-07-10 at 10.03.13 AM

সৎকাৰ কৰাৰ তিনিদিন পাছত ‘জী’ উঠিল এগৰাকী কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তি। স্বাভাৱিকতে এনে ঘটনাত স্তম্ভিত হৈ পৰে পৰিয়ালৰ লোক।

ইয়াৰ বাবে চৰকাৰী কোভিড হাস্পাতলৰ চিকিৎসা ব্যৱস্থা তথা আন্ত:গাঁথনিৰ ওপৰত মানুহৰ সন্দেহ যেন আৰু গভীৰ হৈ পৰিল।

মহাৰাষ্ট্ৰৰ থানেত এনেদৰে মৃত ব্যক্তি জীৱিত হৈ পৰা ঘটনাটো সংঘটিত হৈছে।

কোনো অলৌকিক ঘটনা নহয়, বৰঞ্চ হাস্পাতাল কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই এই ঘটনা সংঘটিত হৈছে।

বাতৰি অনুসৰি, থানেৰ এখন চৰকাৰী কোভিড হাস্পাতলত জনাৰ্দন ছোনাৱান নামৰ ৬৭বছৰীয়া ব্যক্তিগৰাকী ভৰ্তি হৈছিল।

যোৱা ৩ জুলাইত হাস্পাতালখনৰ পৰা ব্যক্তিগৰাকীৰ পুত্ৰ সন্দীপক ফোন কৰি তেওঁৰ পিতৃৰ মৃত্যুৰ খৱৰ দিয়ে।

ইয়াৰ পাছত চৰকাৰী নিয়ম অনুসৰি, ব্যক্তিগৰাকীৰ মৃতদেহ সৎকাৰ কৰা হয়।

কিন্তু যোৱা সোমবাৰে পুত্ৰ সন্দীপৰ ওচৰলৈ পুনৰ ফোন আহে যে তেওঁৰ পিতৃ এতিয়াও জীয়াই আছে আৰু তেওঁ আই চি য়্যুত আছে।

হাস্পাতলখনৰ ভুলৰ বাবে বালচন্দ্ৰ গাইকোৱাড নামৰ এগৰাকী ৭১বছৰীয়া ব্যক্তিৰ মৃতদেহ পৰিয়ালটোৰ হাতত অৰ্পণ কৰা হয়।

ঘটনা সন্দৰ্ভত ব্যক্তিগৰাকীৰ পুত্ৰ সন্দীপে জনায় যে যোৱা ৭জুলাইত পিতৃক আই চি য়্যুত সাক্ষাৎ কৰাৰ পাছত তেওঁৰ হাস্পাতল কৰ্তৃপক্ষক মৃত্যুৰ প্ৰমান পত্ৰখন ঘুৰাই দিয়ে।

তেওঁ লগতে কয় যে এই ঘটনাত তেওঁ আৰু তেওঁৰ পৰিয়ালৰ লোক স্তম্ভিত হৈ পৰে। যি কি নহওক পিতৃৰ মৃতদেহ বুলি আন এজন ব্যক্তিৰ শৱ দাহ কৰাৰ পাছত পুনৰ পিতৃক উভতাই পোৱা পৰিয়ালটোৰ মাজত আনন্দ ঘুৰি আহিছে।

পিচে, হাস্পাতল কৰ্তৃপক্ষৰ এনে দায়িত্বজ্ঞানহীন বিভ্ৰাটক লৈ স্বাভাৱিকতে সচেতন লোকৰ মাজত বহু প্ৰশ্নৰ উদ্ৰেক হৈছে।