NORTHEAST NOW (Assamese)
অসম

তিনিটা প্ৰত্যাহ্বান-তিনিটা পৰামৰ্শ; মনমোহন সিঙে প্ৰধান মন্ত্ৰী মোদীক দিলে সংকট মোচনৰ মন্ত্ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 6, 2020 4:02 pm
1479981649-7871

প্ৰাক্তন প্ৰধান মন্ত্ৰী ড০ মনমোহন সিঙে দেশৰ সন্মুখত থকা তিনিটা প্ৰত্যাহ্বান দাঙি ধৰি কয় যে ই ভাৰতৰ আভ্যন্তৰীণ সামাজিক স্থিতিৰ ক্ষতি কৰিব।

তদুপৰি, বিশ্বত অৰ্থনৈতিক আৰু গণতান্ত্ৰিক শক্তিৰ ৰূপত দেশৰ বিশ্বত থকা স্থিতিৰ প্ৰতিও বিপদ সৃষ্টি হ’ব।

ড০ সিঙে প্ৰধান মন্ত্ৰী মোদীক আহ্বান জনাই কয় যে কেবল কথা নহয়, কাম কৰাৰ প্ৰয়োজন আছে।

তেওঁ কয় দ্য হিন্দুত লিখা তেওঁৰ স্তম্ভত কয় যে আজি দেশখনে কৰোনা ভাইৰাছ, অৰ্থনৈতিক অস্থিৰতা, বিৰোধ আৰু হিংসাৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলগীয়া হৈছে।

প্ৰধানমন্ত্ৰীয়ে নিজৰ কামৰ দ্বাৰা এই বিশ্বাস দিয়া উচিত যে দেশে এই প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম। চীন, ইটালী আৰু আমেৰিকাৰ ফালৰ পৰা গ্ৰহন কৰা পদক্ষেপৰ কথা উল্লেখ কৰি সিঙে কয় যে ভাৰতেও কৰোনাৰ বিপদৰ মুখামুখি হ’বলৈ প্ৰস্তুত থকা উচিত।

প্ৰাক্তন প্ৰধান মন্ত্ৰীগৰাকীয়ে কেবল প্ৰধান মন্ত্ৰী মোদীক আহ্বান জনোৱাই নহয়, সগতে তেওঁৰ স্তম্ভত চৰকাৰক এই প্ৰত্যাহ্বানৰ পৰা মুক্তি পোৱাৰ পথো নিৰ্দেশনাও দিয়ে।

প্ৰাক্তন প্ৰধান মন্ত্ৰী গৰাকীয়ে এই প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ কৰোনাৰ আতংক ৰোধ কৰিবলৈ সকলো প্ৰকাৰৰ প্ৰয়াসত দৃষ্টি দিয়াৰ পৰামৰ্শ দিয়ে আৰু বিৰোধ-প্ৰদৰ্শন,হিংসা ৰোধ কৰিবলৈ নগৰিকত্ব আইনৰ সংশোধন কৰক বা ইয়াক উঠাই লওক।

আৰ্থিক সংকটৰ পৰা সকাহ লাভ কৰিবলৈ তেওঁ উপভোক্তাক উৎসাহিত কৰাৰ লগতে ইয়াৰ বাবে সতৰ্কতামূলক ৰাজসাহায্যমূলক উৎসাহজনক আঁচনিত দৃষ্টি দিয়াৰ বাবেও পৰামৰ্শ দিয়ে।

ড০ সিঙে ন্যায় ব্যৱস্থা আৰু মিডিয়াৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে আৰু কয় যে বৰ্তমান ঘটনাপ্ৰবাহক সঠিক প্ৰতীয়মান কৰিবলৈ হিংসাৰ পূৰ্ব উদাহৰম দিয়াটো সমীচীন নহয়।

তেওঁ কয় যে কেইবছৰমানৰ ভিতৰতে দেশখন বিশ্বস্তৰতদ্ৰুত অৱনমিত হৈছে।

ড০ সিঙে কয় যে সামাজিক অশান্তিয়ে আৰ্থিক সংকট বৃদ্ধিহে কৰিব। বিনিয়োগকাৰী, উদ্যোগপতিসকলে নতুন প্ৰকল্প আৰম্ভ কৰিবলৈ প্ৰস্তুত নহয়। বিনিয়োগকাৰীসকলে কোনো ক্ষতি হোৱাৰ পৰা হাত সাৰি থাকিব বিচাৰিছে।