NORTHEAST NOW (Assamese)
অসম

অসম বাজেট ২০২০-২১ Live Updates; নাৰী আৰু জেষ্ঠ নাগৰিকৰ বাবে গুৱাহাটী মহানগৰীত গুলপীয়া বাছ সেৱা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 6, 2020 4:25 pm
Pink Bus

ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি ২০২০-২১ বৰ্ষৰ বিত্তীয় বাজেট দাখিল কৰি ‘ভ্ৰমণ সাৰথি’ নামৰ এখন আঁচনি ঘোষণা কৰে।

এই আঁচনিৰ জৰিয়তে নাৰী আৰু বয়সিয়াল লোকসকলৰ বাবে গুৱাহাটী মহানগৰৰ ভিতৰত এক বিনামূলীয়া আৰু উৎসৰ্গীতকৃত বাছ সেৱাৰ ব্যৱস্থা আৰম্ভ কৰা হ’ব।

গুলপীয়া ৰঙৰ এই বাছসমূহ মহানগৰৰ ব্যস্ত ৰাজপথসমূহত দিনটো চলাচল কৰি থাকিব আৰু এই বাছসমূহে দেশৰ নাৰী আৰু বয়সিয়াল লোকসকলৰ বাবে ক্ষিপ্ৰ, নিৰাপদ আৰু সহজ গতিশীলতা সুনিশ্চিত কৰিব বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধান সভাত কয়।

আনহাতে, নাৰী আৰু বয়সিয়াল লোকসকলৰ লগতে ৰাজ্যৰ নিবনুৱা যুৱকসকলে বিভিন্ন পৰীক্ষা /সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ বাবে যাত্ৰা কৰিলে অসমৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছত বিনামূলীয়ালৈ যাত্ৰা কৰিব পাৰিব।

সাক্ষাৎকাৰৰ কল লেটাৰ অথবা পৰীক্ষাৰ প্ৰৱেশ পত্ৰখনক বাছৰ টিকট হিচাপে গণ্য কৰা হ’ব বুলিও বিত্ত মন্ত্ৰী গৰাকীয়ে লগতে কয়।

এই আঁচনিখনৰ বাবে চৰকাৰে মুঠ ১৪৮ কোটি টকা আৱণ্টনৰ প্ৰস্তাৱ দিয়ে।