NORTHEAST NOW (Assamese)
অসম

অখিল গগৈৰ মুক্তি, চিকিৎসা আহ্বান মানৱাধিকাৰ সংগঠনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 6, 2020 9:46 pm
Akhil Gogoi

দুটা মানৱ অধিকাৰ সংগঠনে ৰাষ্ট্ৰদ্ৰোহত অভিযুক্ত অখিল গগৈৰ মুক্তি আৰু তেওঁক প্ৰয়োজনীয় চিকিৎসা প্ৰদানৰ আহ্বান জনাইছে।

অবজাৰ্ভেটৰি ফৰ দি প্ৰটেকচন অৱ হিউমেন ৰাইটছ ডিফেণ্ডাৰ্ছ আৰু এছিয়ান ফ’ৰাম ফৰ হিউমেন ৰাইটছ এণ্ড ডেভেলপমেণ্ট নামৰ সংস্থা দুটাই এই আহ্বান জনাইছে।

এছিয়ান ফ’ৰাম ফৰ হিউমেন ৰাইটছ এণ্ড ডেভেলপমেণ্টে অখিল গগৈৰ বিৰুদ্ধে অভিযোগ প্ৰত্যাহাৰ আৰু চিকিৎসাৰ আহ্বান জনাই ভাৰত চৰকাৰ আৰু মানৱ অধিকাৰ আয়োগক পত্ৰ দিছে।

অবজাৰ্ভেটৰি ফৰ দি প্ৰটেকচন অৱ হিউমেন ৰাইটছ ডিফেণ্ডাৰ্ছেও একে আহ্বানেৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছে।

বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ বন্দী হৈ থকা অখিল গগৈক আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰা হৈছিল।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষাৰ অন্তত পুনৰ তেওঁক কাৰাগাৰলৈ লৈ যোৱা হয়।