NORTHEAST NOW (Assamese)
অসম

কাশ্মীৰত পাকিস্তানী পতাকা উত্তোলন কৰা তিনিগৰাকী দুস্কৃতিকাৰী গ্ৰেপ্তাৰ, গ্ৰেনেড উদ্ধাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 8, 2020 8:02 pm

জম্মু-কাশ্মীৰৰ বন্দীপোৰা জিলাত পাকিস্তানী পতাকা উত্তোলন কৰা দোষত জম্মু আৰু কাশ্মীৰ আৰক্ষীয়ে তিনিজন দুস্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰে।

জম্মু-কাশ্মীৰ আৰক্ষীয়ে দুস্কৃতিকাৰী তিনিজনৰ লগতে হেণ্ড গ্ৰেনেডো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

ইপিনে, আৰক্ষীৰ দলটোৱে দুষ্কৃতিকাৰী তিনিজনৰ ঘৰতো অভিযান চলাই পাকিস্তানী পতাকা প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা কাপোৰ, চিলাই মেচিন আৰু অন্যান্য সামগ্ৰী জব্দ কৰে।

গ্ৰেপ্তাৰ কৰা দুস্কৃতিকাৰী তিনিজনে স্থানীয় লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী সংগঠনৰ হৈয়ো কাম কৰে বুলি আৰক্ষীয়ে তদন্তৰ অন্তত জানিব পাৰিছে।

ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীৰ উচ্চ পৰ্যায়ৰ তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে, ল’কডাউনৰ সময়ত ভাৰতীয় সেনা বাহিনী, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে কাশ্মীৰত সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে অভিযান তীব্ৰতৰ কৰি তুলিছিল আৰু এই অভিযানত বহু কেইজন দুৰ্ধৰ্ষ সন্ত্ৰাসবাদীৰ মৃত্যু ঘটিছিল।