NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত সংঘটিত হোৱা শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী মহিলা

Posted by: মানস প্ৰতীম গগৈ Updated by: মানস প্ৰতীম গগৈ September 8, 2020 8:24 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বৰগোলাই বাঁ‌হবাৰীৰ সমীপত আজি সন্ধিয়া প্ৰায় ৭-৩৫ মান বজাত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হয়।

জানিব পৰা মতে, জাগুন দিশৰ পৰা কেঁ‌ছা চাহপাত কঢ়িয়াই অনা এ এচ ২৩ চিচি ৪২৫৩ নম্বৰৰ এখন তীব্ৰ বেগী বলেৰ’ পিকআপ ভানে বিপৰীত দিশৰ পৰা যোৱা ফুলমায়া প্ৰহৰী (৪৩) নামৰ এগৰাকী মহিলাক প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত মহিলা গৰাকীয়ে দুৰ্ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়।

দুৰ্ঘটনা সংঘটিত কৰিয়েই চাহপাত কঢ়িয়াই অনা গাড়ীখনে পলাই গৈ বৰগোলাইস্থিত গ্ৰীণগল্ড চাহ ফেক্টৰীত সোমোৱাৰ চেষ্টা কৰিছিল যদিও গাড়ীখনক পিছে পিছে খেদি গৈ স্থানীয় লোকে জব্দ কৰি মাৰ্ঘেৰিটা আৰক্ষীক চমজাই দিয়ে।

আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন আৰক্ষী থানালৈ লৈ যোৱাৰ লগতে মৃত্যু হোৱা মহিলা গৰাকীৰ মৃতদেহটো মৰোণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

স্থানীয় ৰাইজে বলেৰ’ বাহনখনে অত্যাধিক বেগত অহা বাবেই দুৰ্ঘটনাটো সংঘটিত হ’বলৈ পালে বুলি উল্লেখ কৰে।