NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰ আৰক্ষীৰ জালত তিনি ড্ৰাগচ মাফিয়াজ; ৰঙাঘৰলৈ প্ৰেৰণ তিনি ড্ৰাগছ সৰবৰাহকাৰীক

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ March 8, 2020 6:58 am
1IMG-20200306-WA0024

এক গোপন সুত্ৰৰ পম খেদি শিৱসাগৰ আৰক্ষীয়ে শুকুৰবাৰে অভিযান চলায় তিনিজন ড্ৰাগচ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়।

শিৱসাগৰৰ হাহঁচৰাৰ পৰা আটক কৰা যুৱক কেইজন হ’ল পৰশ লাহন, ত্ৰিদীপ খাৰঘৰীয়া ফুকন আৰু প্ৰশান্ত চেতিয়া।

AS-04X-4348 নম্বৰৰ এখন গাড়ীয়ে ড্ৰাগচখিনি হালোৱাটিঙৰ পৰা কঢ়িয়াই আনিছিল মাফিয়া কেইটাই।

ধৃত তিনি ড্ৰাগচ মাফিয়াৰ পৰা লক্ষাধিক মূল্যৰ ব্ৰাউন চগাৰ উদ্ধাৰ কৰাৰ লগতে ড্ৰাগচ ল’বলৈ ব্যৱহাৰ কৰা সামগ্ৰী উদ্ধাৰ কৰে।

ইতিমধ্যে তিনি ড্ৰাগচ মাফিয়াক শিৱসাগৰ আৰক্ষীয়ে জেইল হাজোতলৈ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি শিৱসাগৰত একাধিক কুখ্যাত তথা ড্ৰাগচ ব্যৱসায়ী চক্ৰই অব্যাহত ৰাখিছে ৰমৰমীয়া ব্যৱসায়।

চুবুৰীয়া ৰাজ্যৰ নাগালেণ্ডৰ পৰা নিয়মীয়াকৈ সৰবৰাহ হয় নিষিদ্ধ  ড্ৰাগচ।