NORTHEAST NOW (Assamese)
অসম

মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত গঁড়ৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 29, 2023 6:44 pm
মানস ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত গঁড়ৰ মৃত্যু

দেওবাৰে মানস ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড়ৰ আক্ৰমণত মৃত্যু হয় আন এটা গঁড়ৰ।

নিশা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাসবাৰী ৰেঞ্জৰ বেকী নদীৰ পশ্চিম দিশত অৱস্থিত নাৰায়ণগুৰি বন শিবিৰৰ সমীপত উদ্ধাৰ হয় গঁড়টোৰ মৃতদেহ।

জানিব পৰা মতে, ৰাষ্ট্ৰীয় উদ্যানখনত আন এটা গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ গঁড়টোৰ মৃত্যু হয়। বন বিভাগৰ বিষয়া আৰু মানসৰ বিভাগীয় চিকিৎসকে আজি পুৱা গঁড়টোৰ মৃতদেহ উদ্ধাৰ হোৱা স্থানত উপস্থিত হৈ গঁড়টোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰে।

জানিব পৰা মতে মৃত গড়টোক মানাহ ৰাষ্ট্ৰীয় উদ্যানতে পুতি থোৱা হৈছে।