NORTHEAST NOW (Assamese)
Popular Stories

আদানীয়ে ডুবালে এল আই চি : জীৱন বীমাই হেৰুৱালে ৰাইজৰ টকা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 29, 2023 7:43 pm

শেহতীয়াকৈ আদানী গ্ৰুপ সম্পৰ্কে হিণ্ডেনবাৰ্গ ৰিচাৰ্জৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতেই ক্ৰমশ লোকচানৰ সন্মুখীন হৈছে আদানী গোটৰ ব্যৱসায়। ধাৰাসাৰে তললৈ নামিছে শ্বেয়াৰ মাৰ্কেটৰ মূল্য। ডুবিবলৈ আৰম্ভ কৰিছে বহুকেইটা কোম্পানী। আদানীৰ লগতে লোকচানৰ সন্মুখীন হৈছে বহু বিনিয়োগকাৰী। আদানীৰ এই নিম্নগামী ব্যৱসায়ৰ বাবে প্ৰচুৰ লোকচানৰ সন্মুখীন হৈছে জীৱন বীমা কোম্পানী এল আই চি।

উল্লেখ্য যে এল আই চিত আদানীৰ ১%ৰ পৰা ৯%লৈকে অংশীদাৰিত্ব আছে। ২৪ জানুৱাৰীলৈকে এল আই চিত আদানীৰ শ্বেয়াৰৰ মূল্য আছিল মুঠ ৭২,২৬৮ কোটি টকা ।

দেওবাৰে কংগ্ৰেছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ওপৰত আক্ৰমণ তীব্ৰ আক্ৰমণ কৰিছে। কাৰণ আমেৰিকাৰ শ্বৰ্ট চেলাৰ হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ প্ৰতিবেদনে আদানি গ্ৰুপৰ শ্বেয়াৰ আৰু ইয়াৰ সংস্পৰ্শ থকা ঋণদাতাসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাইছে।

ডাঙৰ কথাটো হ’ল যে দুদিনত প্ৰায় ১৯ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ পিছতো বীমা কোম্পানী এল আই চিয়ে গৌতম আদানীৰ ফ্লেগশ্বিপ ইউনিটত বিনিয়োগ অব্যাহত ৰাখিছে।

দেওবাৰে কংগ্ৰেছৰ কেন্দ্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে চৰকাৰে ‘ভাৰতীয় জীৱন বীমা নিগম’ক এতিয়া ‘লুট ইনভেষ্টমেণ্ট ফৰ ক্ৰ’ লৈ সলনি কৰিছে।

উল্লেখ্য যে সমগ্ৰ ভাৰততে ২৫ কোটিতকৈ অধিক পলিচিধাৰীৰ সৈতে এল আই চি ভাৰতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম। আৰু আদানীৰ মুঠ পাঁচটা কোম্পানীত এল আই চিৰ বিনিয়োগ আছে।

আদানী সম্পৰ্কত শনিবাৰে কংগ্ৰেছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী আৰু তদন্তকাৰী সংস্থাসমূহৰ “মৌনতা”ক লৈ প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ লগতে কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰনদীপ সুৰজেৱালাই কয় যে “এল আই চি হৈছে ৰাজহুৱা ধন! হিণ্ডেনবাৰ্গ ৰিপ’ৰ্টৰ পিছত আদানী গ্ৰুপৰ শ্বেয়াৰত এল আই চিৰ বিনিয়োগৰ মূল্য ৭৭,০০০ কোটিৰ পৰা ৫৩,০০০ কোটিলৈ হ্ৰাস পাইছে । অৰ্থাৎ এল আই চিয়ে ২৩,৫০০ কোটি টকাৰ লোকচান ভৰিবলগা হৈছে। এল আই চিয়ে এতিয়াও আদানী গ্ৰুপত ৩০০ কোটি টকা বিনিয়োগ কৰি আছে কিয়?”

তেলেংগানাৰ শাসকীয় বি আৰ এছৰ নেতাসকলে কয় যে শ্বেয়াৰ বজাৰৰ পৰিস্থিতি অত্যন্ত চিন্তনীয় আৰু আদানী ষ্টকৰ সৈতে এল আই চি আৰু এছ বি আইৰ “বৃহৎ সম্পৰ্ক”ৰ বিষয়ত কেন্দ্ৰই গুৰুত্ব দিয়াৰ প্ৰয়োজন।

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ পুত্ৰ তথা ৰাজ্যিক পৌৰ প্ৰশাসন মন্ত্ৰী কে টি ৰামা ৰাওৱে কৈছে যে দেশৰ সৰ্ববৃহৎ ঋণদাতা আৰু সৰ্ববৃহৎ বীমা কোম্পানীটোক আদানী গ্ৰুপৰ ষ্টকৰ এনে সম্পৰ্কলৈ কোনে ঠেলি দিলে।

চন্দ্ৰশেখৰ ৰাওৰ কন্যা তথা বিধায়িকা চি কে কবিতাই এক বিবৃতিত কয় যে এল আই চি, এছ বি আই আৰু সামগ্ৰিকভাৱে বজাৰৰ পতনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে সকলো প্ৰশ্নৰ উত্তৰ দিব লাগে।