NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপত প্ৰত্যাহাৰ দুটা চেনেলৰ ৪৮ ঘণ্টীয়া সম্প্ৰচাৰ নিষিদ্ধকৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 8, 2020 8:29 am
Delhi Violence

শনিবাৰে কেন্দ্ৰীয় চৰকাৰে দুই টিভি চেনেলৰ বিৰুদ্ধে ঘোষণা কৰা ৪৮ ঘণ্টীয়া নিষিদ্ধকৰণ প্ৰত্যাহাৰ কৰিছে।

উল্লেখ্য যে উত্তৰ পূৱ দিল্লীৰ হিংসাৰ সন্দৰ্ভত আপত্তিজনক বাতৰি পৰিৱেশন কৰাৰ বাবে দক্ষিণ ভাৰতৰ দুই মালায়ালম চেনেল ক্ৰমে এছিয়ানেট নিউজ আৰু মিডিয়া ওৱান নামৰ টিভিৰ ওপৰত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ৪৮ ঘণ্টীয়া নিষিদ্ধকৰণৰ শাস্তি বিহিছিল।

কেন্দ্ৰীয় চৰকাৰৰ এই নিষিদ্ধকৰণৰ বিৰুদ্ধে সমগ্ৰ দেশৰ সংবাদ প্ৰতিষ্ঠান তথা সংবাদকৰ্মী সোচ্চাৰ হোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চেনেলটো দুটাৰ ওপৰত ৪৮ ঘণ্টীয়া সম্প্ৰচাৰ নিষিদ্ধকৰণ প্ৰত্যাহাৰ কৰিবলৈ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ক নিৰ্দেশ দিয়ে।

যোৱা ৬ মাৰ্চৰ সন্ধিয়া ৭.৩০ বজাৰ পৰা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দুয়োটা চেনেলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা হিচাপে ৪৮ ঘণ্টীয়া সম্প্ৰচাৰৰ নিষিদ্ধকৰণ প্ৰত্যাহাৰ কৰিছে।

উল্লেখ্য যে, নিষিদ্ধকৰণ প্ৰত্যাহাৰ কৰাৰ পিছত এছিয়ানেট নিউজে ৰাতি ১.৩০ বজা আৰু মিডিয়া ওৱানে পুৱা ৯.৪০ বজাৰ পৰা পুনৰ সম্প্ৰচাৰ আৰম্ভ কৰিছে।