NORTHEAST NOW (Assamese)
অসম

মানকাচৰত আকৌ এজন বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ

Posted by: মুকেশ কুমাৰ সিং Updated by: মুকেশ কুমাৰ সিং March 8, 2020 9:32 am
Bangladeshi-1140x570

ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা এজন বাংলাদেশী নাগৰিকক নামনি অসমৰ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

বাংলাদেশী নাগৰিকজনক আজাহৰ আলী (৩৫) বুলি চিনাক্ত কৰা হৈছে।

আজাহৰ আলী বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰী আৰক্ষী থানাৰ অন্তৰ্গত বেহুলাৰচৰ মধ্যপাৰাৰ বাসিন্দা প্ৰয়াত আজিমুদ্দিনৰ পুত্ৰ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সীমান্তৱৰ্তী গাঁও জালুৰচৰৰ পৰা শুকুৰবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে।

মানকাচৰ আৰক্ষী থানাৰ বিষয়াসকলে অভিযান চলাই আলীক গ্ৰেপ্তাৰ কৰে। তেওঁক এজন গৰুৰ চোৰাং বেপাৰী বুলি সন্দেহ কৰা হৈছে আৰু অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে তেওঁৰ জিম্মাৰ পৰা এটা গৰুৰ মূৰ উদ্ধাৰ কৰিছে।

মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনোদ দাসে কয়,’’তেওঁক পাৰ্ছপোৰ্ট আইন, বিদেশী আইন আৰু ভাৰতীয় দণ্ডবিধিৰ সম্পৰ্কিত ধাৰাসমূহৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।‘’

উল্লেখযোগ্য যে গৰুৰ চোৰাং কাৰবাৰী বুলি সন্দেহ কৰা দুজন বাংলাদেশী নাগৰিকক যোৱা জানুৱাৰিত দক্ষিণ শালমাৰা মানকাচৰ জিলাত বিএছএফ আৰু মানকাচৰ আৰক্ষীয়ে যৌথ অভিযান চলাই গ্ৰেপ্তাৰ কৰিছিল।