NORTHEAST NOW (Assamese)
অসম

শীৰ্ণ হৈ পৰিছে ১৪০ কেজিৰ কিম জং! দেখি অন্তৰ গলি গৈছে উত্তৰ কোৰিয়াবাসীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 28, 2021 8:47 am
kctv-jun5-kju-politburo-meeting-side

যোৱা কিছুদিন ধৰি উত্তৰ কোৰিয়াবাসীৰ মন দুখত ভাৰাক্ৰান্ত। তেওঁলোকৰ অন্তৰ গলি গৈছে এই ঘটনাত। কিন্তু হৈছেনো কি?

বাতৰি অনুসৰি, দেশখনৰ একনায়কত্ববাদী শাসক কিম জং উনৰ শৰীৰৰ ওজন হেনো প্ৰচুৰ কমি গৈছে। নেতাজনক খীণ দেখা পাই বহুতেই কোনোমতেহে কান্দোন ধৰি ৰাখিছে বুলিও জানিব দিছে।

জানিব পৰা মতে, কেইবামাহো ধৰি ৰাজহুৱাভাৱে সন্মুখলৈ নহাৰ পাছত অলপতে দেশখনৰ চৰকাৰী সংবাদমাধ্যমত দেখা দিয়ে কিমে। তাত কিমে শাসকীয় দলৰ কেন্দ্ৰীয় কমিটিৰ অধিৱেশন চাই থকা দেখা গৈছিল।

সেই কিমক দেখা পোৱাৰ পাছতে মন ভাঙি পৰিছে উত্তৰ কোৰিয়াবাসীৰ। ভালকৈ চালে ধৰিব পাৰি যে কিম কিছু খীণাই গৈছে। মুখখনতো তাৰ ছাপ পৰিছে।

এনেয়ে ৫ফুট ৮ইঞ্চি উচ্চতাৰ কিমৰ ওজন ১৪০ কিলোগ্ৰাম। একাংশই দাবী কৰা মতে কিমৰ কমেও ২০ কেজি ওজন কমি গৈছে।

উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসকগৰাকী মদ্যপান তথা ধূমপান আসক্ত। পৰিয়ালত হৃদৰোগৰ ইতিহাসো আছে। তেওঁৰ পিতৃ তথা ককাকৰো হৃদৰোগত মৃত্যু হৈছিল। সেয়ে, যোৱা বছৰ দীৰ্ঘদিন ৰাজহুৱাভাৱে সন্মুখলৈ নহাৰ পাছত কিমৰ শৰীৰক লৈ জল্পনা-কল্পান আৰম্ভ হৈছিল।

কিন্তু সেই সকলোবোৰৰ অন্ত পেলাই জনচক্ষুৰ সন্মুখলৈ ওলাই আহিল কিম। কিন্তু অনুৰাগীৰ চিন্তা তেওঁৰ ভগ্ন স্বাস্থ্যক লৈ।

পিচে, একাংশৰ দাবী শৰীৰৰ সমস্যা থাকিলে হয়তো কিম এনেদৰে বাহিৰলৈ ওলাই নাহিলেহেঁতেন। ক’ব পাৰি নিজৰ স্বাস্থ্যক লৈ কিছু সচেতন হৈ পৰিছে কিম জং উন!