NORTHEAST NOW (Assamese)
অসম

কলীয়াপানীত আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি পলায়ন কৰা গাড়ীলৈ গৌৰীসাগৰ আৰক্ষীৰ গুলীচালনা

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক June 28, 2021 9:17 am
police fire on car

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত কলীয়াপানীত যোৱা নিশা সংঘটিত হয় এক গুলীচালনাৰ ঘটনা‌।

জানিব পৰা মতে, কালি শিৱসাগৰ জিলাৰ গৌৰীসাগৰ থানাই নিজ এলেকাত এএছ ০৫ ৪৫৫০ নম্বৰৰ এখন মাৰুতি ৮০০ ৰাখিবলৈ সংকেত দিয়াত চালকে বাহনখন নৰখাই ৩৭নং ৰাষ্ট্ৰীয় পথেৰে যোৰহাটৰ দিশে তীব্ৰ গতিৰে পলায়ন কৰে।

গৌৰীসাগৰ আৰক্ষীয়ে থানাৰ গাড়ীৰে মাৰুতি ৮০০ ৰ পিছ লয়। গৌৰীসাগৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত যোৰহাট জিলাৰ টীয়ক আৰক্ষীক অৱগত কৰে আৰু টীয়ক আৰক্ষীয়ে থানাৰ সন্মুখত বেৰিকেড স্থাপন কৰে।

আনহাতে, মাৰুতি কাৰৰ চালকে তীব্ৰ বেগেৰে আহি কলীয়াপানী আউনীআটি সত্ৰৰ পথেদি পলায়নৰ চেষ্টা কৰে যদিও গৌৰীসাগৰ আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰাত গাড়ীখন ৰখাবলৈ বাধ্য হয়।

অৱশ্যে কলিয়াপানীৰ সমীপত মাৰুতি কাৰখনৰ আগৰ চকা ব্ৰাষ্ট হোৱাত ৰৈ যায় গাড়ী খন।

গৌৰীসাগৰ আৰক্ষীয়ে গাড়ী চালক টীয়ক হাঁহচৰা চাংমাই গাঁৱৰ ধ্ৰুৱজ্যোতি গগৈক বাহন সহ আটক কৰিছে।

চালকজনে প্ৰকাশ কৰা মতে আৰক্ষীয়ে ৰ’বলৈ কোৱাত শংকিত হৈহে তেওঁ  পলায়ন কৰিছিল। অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে সবিশেষ জানিব পৰা যাব।