NORTHEAST NOW (Assamese)
Popular Stories

পাঁচ মাহৰ মূৰত ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ঘটিল অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 9, 2020 6:39 am
Hardik-Pandya-1

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অহা ১২ মাৰ্চৰ পৰা অনুষ্ঠিত হ’ব লগীয়া তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাৰ বাবে দেওবাৰে ঘোষণা কৰা হয় ১৫ জনীয়া ভাৰতীয় দলটো।

দীৰ্ঘদিনৰ মূৰত দললৈ প্ৰত্যাৱৰ্তন ঘটে অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়া আৰু বলাৰ ভুৱনেশ্বৰ কুমাৰৰ।

নিৰ্বাচক সমিতিৰ নৱ নিযুক্ত অধ্যক্ষ সুনীল যোশীৰ নেতৃত্বত প্ৰথমবাৰৰ বাবে দল ঘোষণা কৰা হয়।

বিৰাট কোহলীৰ নেতৃত্বত খেলিবলগীয়া ঘৰুৱা শৃংখলাটোত আঘাতৰ বাবে অংশ ল’ব নোৱাৰিব অপেনিং বেটছমেন ৰোহিত শৰ্মাই।

ইফালে ২৬ বছৰীয়া অল ৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াই পাঁচ মাহৰ বিৰতিৰ অন্তত ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ ডি ৱাই পাটিল টি-২০ কাপত অংশ লৈ পাণ্ডিয়াই চমৎকাৰ প্ৰদৰ্শন আগবঢ়াইছিল।

ইফালে আঘাতৰ বাবে শেহতীয়া নিউজিলেণ্ড ভ্ৰমণৰ পৰা আঁতৰত থকা বাওঁহতীয়া অপেনাৰ শিখৰ ধাৱানেও দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া দলত স্থান লাভ কৰে। তদুপৰি বলাৰ ভুৱনেশ্বৰ কুমাৰেও স্থান পাইছে দলত।

আনহাতে দীৰ্ঘদিন ধৰি ভাৰতীয় দলৰ এজন গুৰুত্বপূৰ্ণ সদস্য হৈ থকা কেদাৰ যাদৱ, শিৱম ডুবে, চাৰ্দুল ঠাকুৰ, মহম্মদ ছামি আৰু মায়ংক আগৰৱালক দলত স্থান দিয়া হোৱা নাই।

১৫ জনীয়া দলটো হ’ল-বিৰাট কোহলী (অধিনায়ক), শিখৰ ধাৱান, পৃথ্বী শ্ব, কে এল ৰাহুল, শ্ৰেয়ছ আয়াৰ, মনিষ পাণ্ডে, ঋষভ পণ্ট, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ভুবনেশ্বৰ কুমাৰ, য়ুজবেন্দ্ৰ চাহাল, জশপ্ৰীত বুমৰাহ, নবদীপ চৈনি, কুলদীপ যাদৱ আৰু শুভমন গীল।

শৃংখলাৰ প্ৰথমখন মেচ ১২ মাৰ্চত ধৰমশালাত, দ্বিতীয়খন ১৫ মাৰ্চত লক্ষ্ণৌত আৰু তৃতীয়খন মেচ ১৮ মাৰ্চত কলকাতাত অনুষ্ঠিত হ’ব।